গুৱাহাটীঃ উত্তৰ গুৱাহাটীৰ ছাত্ৰ মিন্টু চমুৱাৰ সলিল সমাধি নহয়,ই এক হত্যাকাণ্ড।মৰণোত্তৰ পৰীক্ষাত নিশ্চিত হ'ল হত্যাকাণ্ডৰ কথা।মৃতদেহ ঘৰ পোৱাৰ লগে লগে উত্তপ্ত পৰিস্থিতি ৰূদ্ৰেশ্বৰত।হত্যাকাৰী কিশোৰক আৰক্ষীয়ে আটক কৰে। ৰাইজে তলা লগালে হত্যাকাৰী কিশোৰৰ ঘৰত।সমনীয়া কিশোৰে গা ধোৱাৰ চলেৰে পথাৰলৈ মাতি নি হত্যা কৰিছিল মিন্টু চমুৱাক।
হত্যাকাৰী প্ৰতিৱেশী কিশোৰৰ তিনি সহযোগী আছিল প্ৰত্যক্ষদৰ্শী। ঘটনাৰ দিনা পুৱা দহ বজাতে পথাৰৰ নিৰ্জন ঠাইৰ পুখুৰীলৈ মিন্টু চমুৱাক মাতি নি মৰিয়াই হত্যা কৰি পানীত পেলাই দিছিল। সহযোগী তিনি কিশোৰক অভিযুক্ত কিশোৰে মুখ নুখুলিবলৈ দিছিল ভাবুকি। দিনৰ তিনি বজাত সহযোগী কিশোৰে মিন্টু পানীত ডুবি যোৱা খবৰ দিছিল। দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোকে উদ্ধাৰ কৰা মৃতদেহৰ মুখেৰে নিৰ্গত হৈছিল তেজ। ঘাটক কিশোৰে পূৰ্বেও বহুবাৰ মিন্টুক মাৰপিট কৰিছিল।
ইফালে হত্যাকাণ্ড সংঘটিত হোৱাৰ ঘাটকৰ পৰিয়ালে মিন্টুৰ পৰিয়ালক মুখ নুখুলিবলৈ ভাবুকি প্ৰদানৰ লগতে প্ৰস্তাৱ দিছিল শকত অংকৰ ধনৰ। মৃতদেহ ঘৰ পোৱাৰ পাছত সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ। ক্ষোভিত মহিলাই ঘাটক কিশোৰৰ ঘৰ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। মহিলা সমিতিৰ অভিযোগ ধনৰ বিনিময়ত ৰক্ষণাবেক্ষণ দিছে ঘাতকক।
দুদিন উকলি যোৱাৰ পিছতো ঘাটকক আটক নকৰি চাংসাৰী আৰক্ষীয়ে মিন্টুৰ পৰিয়ালক ভয় ভাবুকি প্ৰদানৰ অভিযোগো উত্থাপিত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধসামৰিক বাহিনী মোতায়েনৰ লগতে উপস্থিত হয় দণ্ডাধীশ। আৰক্ষীয়ে অভিযুক্তক আটকৰ লগতে স্থানান্তৰ কৰে ঘাটক পৰিয়ালক।প্ৰশ্ন হয় কিয় হত্যা কৰিলে মিন্টু চমুৱাক।ঘাটকৰ পিতৃ সঞ্জয় নাথৰ সতে আছে কোন বাবাৰ মধুৰ সম্পৰ্ক? বাবাই চলাই গৈছে নেকি মানৱ অংগৰ বেহা। যাৰ বাবে ঘাটকৰ পিতৃয়ে বাবাৰ নামেৰে ভাবুকি দিছিল।কিন্তু,কামৰূপ আৰক্ষীয়ে নুখুলে মুখ।