05/29/2019 - 18:16
in
চামগুৰিঃ প্ৰতিবিম্ব লাইভৰ বাতৰিৰ প্ৰভাৱ। বাতৰি প্ৰকাশৰ পিছতেই পাৰ্কুপাইনেৰে গৰাখহনীয়া নিৰ্মূলৰ চেষ্টা। ভূৰবন্ধাকে ধৰি ৪নং বগামুখৰ পৰা বুঢ়া চাপৰি অভয়াৰণ্যলৈকে বিগত পাঁচ বছৰ ধৰি বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছিল প্ৰায় চাৰি পাঁচখনকৈ গাঁও।
উল্লেখ্য যে বিগত পাঁচ বছৰ ধৰি ৰাইজে চৰকাৰ কিম্বা প্ৰশাসনক অনুনয়-বিনয় কৰি আহিছিল। জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰো নাই কোনো কাণসাৰ। প্ৰতিবিম্ব লাইভৰ বাতৰিৰ পিছতেই জলসম্পদ বিভাগে বাঁহৰ পাৰ্কুপাইনেৰে গৰাখহনীয়া নিৰ্মূলৰ চেষ্টা চলাইছে।