গুৱাহাটী: গুৱাহাটী আইআইটি উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান। উচ্চশিক্ষা বিজ্ঞান় প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান। ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ নেচনেল ইন্সটিটিউটিচনেল ৰেকিঙ ফ্ৰেমৱাকচে প্ৰতিবছৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰ প্ৰদৰ্শন মূল্যাংকন কৰি স্হান নিৰ্ধাৰণ কৰে। ৰাষ্ট্ৰীয় ভিত্তিত অনুষ্ঠিত সমীক্ষাৰ 'ইণ্ডিয়া ৰেংকিঙ ২০১৯' ৰ ফলাফল অনুসৰি গুৱাহাটী আইআইটিয়ে সকলো শিক্ষা অনুষ্ঠানৰ ভিতৰত নৱম স্থান দখল কৰিছে। আনহাতে কাৰিকৰী প্ৰযুক্তি বিদ্যা শিক্ষাত সপ্তম স্থান দখল কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
আনহাতে ২৫ বছৰ সম্পূৰ্ণ কৰা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনে বিশ্বৰ ১০০ খন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰতো স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান প্ৰয়োজনীয়তা আৰু ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আইআইটি গুৱাহাটীত এটি অত্যাধুনিক ক্লাছ ৰুম কমপ্লেক্স আৰু গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰি উলিয়াইছে। ইয়াৰে গৱেষণা কেন্দ্ৰত ১০০ টা সুকীয়া সুকীয়া গৱেষণাগাৰ আছে। আজি দিনৰ ১২ বজাত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে গুৱাহাটী আইআইটিত উপস্থিত হৈ প্ৰথম গৱেষণা কেন্দ্ৰটি আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ ক্ষন্তেক পিছতে সমীপতে থকা অত্যাধুনিক ক্লাছ ৰুম কমপ্লেক্সটো মুকলি কৰে।
ক্লাছ ৰুম কমপ্লেক্সৰ সভাগৃহত অনুষ্ঠিত সভাত আইআইটিৰ সঞ্চালক গৌতম বিশ্বাসে গুৱাহাটী আইআইটিৰ ২৫ বছৰীয়া গৌৰবোজ্জ্বল ইতিহাস তথা আইআইটি গুৱাহাটীয়ে দেশৰ বিভিন্ন খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে চমু খতিয়ান দাঙি ধৰে। লগতে মানৱ সম্পদ গঠনৰ দিশত বৰ্তমান ৬০০০ শিক্ষাৰ্থীৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি কৰি ১০০০০ অধিক কৰাৰ লক্ষ্য আছে বুলি ব্যক্ত কৰে।
ইয়াৰ পিছত মুখ্য অতিথি ৰাজ্যপাল জগদীশ মুখীয়ে ভাষণত আইআইটি গুৱাহাটীৰ অগ্ৰগতিত সন্তোষ প্ৰকাশ কৰে। বৰ্তমান ভাৰত চৰকাৰে লুক ইষ্ট পলিচিৰ অন্তৰ্গত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দ্ৰুত উদ্যোগীকৰণ, উন্নয়নৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। প্ৰায়বোৰ ক্ষেত্ৰত গুৱাহাটী আইআইটিয়ে গুৰুত্বপূৰ্ণ সহযোগিতা আগবঢ়োৱা বাবে শলাগ লয়। সভাত আইআইটি গুৱাহাটীৰ উপসঞ্চালক পি এচ ৰবিকে ধৰি বিশেষজ্ঞ অধ্যাপক অধ্যাপিকাসকল উপস্থিত থাকে। সভাখনৰ আঁত ধৰে প্ৰফেচৰ শাৰদ গোখলেই।