পৰিবেশে মেধাৰ সালসলনি কৰিব পাৰে, অভিনন্দন অনুষ্ঠানত অধ্যক্ষ ড: ৰঞ্জন কলিতা

 05/29/2019 - 19:35

ৰঙাপৰা: শোণিতপুৰ জিলাৰ ৰঙাপৰাত মঙলবাৰে সন্ধিয়া ৰঙাপৰা আঞ্চলিক ছাত্র সন্থা আৰু ৰঙাপৰা আঞ্চলিক উন্নতি সভাৰ সহযোগত বাৰেৰহণীয়া জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আৰু অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটিত সদ্যঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। ৰঙাপৰা ৰে'লৱে ইনষ্টিটিউট ভবনত সন্ধিয়া ৭ বজাত অনুষ্ঠিত সাংস্কৃতিক সমাৰোহৰ লগতে সম্বৰ্ধনা অনুষ্ঠানটিত ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ৰঞ্জন কলিতাৰ লগতে সদৌ অসম ছাত্র সন্থাৰ বহু বিষয়ববীয়া আৰু ৰঙাপৰা অঞ্চলৰ বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ৰঞ্জন কলিতাই উদ্ধোধনী ভাষণত হৈ যোৱা পৰীক্ষাৰ ফলাফলৰ ওপৰত আলোকপাত কৰে। ধাৰাবাহিকভাবে পৰীক্ষাৰ ফলাফল নিম্নগামী হোৱাত চিন্তা ব্যক্ত কৰি সমাধানসূত্ৰ উলিয়াবলৈ বালিপৰা আৰু ৰঙাপৰা আঞ্চলিক ছাত্রসন্থাক যুটীয়াভাবে এক আলোচনাচক্ৰ আহ্বান কৰিবলৈ বক্তব্য আগবঢ়ায়। নিজৰ ভাষণত অধ্যক্ষগৰাকীয়ে কয় যে পাৰ্শ্বৱৰ্তী পৰিবেশে মেধাক প্ৰভাৱিত কৰে।

সুস্থ এটি পৰিবেশ সৃষ্টি কৰিবলৈ ৰাইজক আহ্বান জনায়। সংস্কৃতি চৰ্চাই মানুহক সংস্কৃতিৱান কৰে, সংস্কৃতিৰ মাজেদি শিক্ষাৰ প্ৰসাৰ হয়। অনুষ্ঠানটিত বৰদৈচিলা গ্ৰোপে কাৰ্বি আংলং জিলাত দুৰ্বৃত্তৰ হাতত নিহত হোৱা অভি আৰু নীলক এক নৃত্য নাটিকাৰে শ্ৰদ্ধাঞ্জলি জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।