ঘগ্ৰাপাৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ১

 08/03/2021 - 14:04
 
 
ঘগ্ৰাপাৰঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত ঘগ্ৰাপাৰ চ'কৰ সমীপৰ কাটুৰীয়া চ'কত সোমবাৰে দুপৰীয়া ৩১ নম্বৰ ৰাষ্ট্ৰীয় পথত সংঘটিত এক পথ দুৰ্ঘটনাত এজন টেম্প’চালক নিহত হয়। জানিব পৰা মতে ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত কটকীয়া গাঁওৰ নিৱাসী তথা টেম্প’ চালক অনিল কলিতা (৩৪) আজি নিজ গৃহৰ পৰা ঘগ্ৰাপাৰ চ'ক অভিমুখে আহি থকা অৱস্থাতে উক্ত স্থানত একে দিশে গৈ থকা এ'লটো As - 01BF--8401 নম্বৰৰ মাৰুটি গাড়ীয়ে অনিল কলিতাক খুন্দা মৰাত পথৰ দাঁতিত বাগৰি পৰে। যাৰ ফলত অনিল কলিতাৰ মুৰ আৰু বুকুত আঘাট গুৰুতৰ হয়।
 
লগে লগে স্থানীয় ৰাইজে নলবাৰীৰ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চাৰিআলি গে'টৱে হাস্পতালত ভৰ্তি কৰে। সন্ধিয়া ৭ মান বজাত তাতে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ এজনী কন্যাক ইহ-সংসাৰত এৰি থৈ যায়। উল্লেখ‍্য যে কালি অনিল কলিতাৰ কণিষ্ঠ ভাতৃ জিতু কলিতাৰ মৃত্যু হৈছিল আৰু  আজি পুনৰ অনিলৰ মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ লগতে কটকীয়া গাঁৱত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.