শিৱসাগৰঃ সম্পূৰ্ণ নীতি বৰ্হিভূতভাৱে সাধাৰণ নাগৰিকৰ নিৰাপত্তা হৰণ কৰি শিৱসাগৰ চহৰত সন্ত্ৰাস চলাবলৈ মুকলি অনুজ্ঞা পত্ৰ প্ৰদান কৰা শ শ বৈধ-অবৈধ ই-ৰিক্সাই এতিয়া শিৱসাগৰবাসীৰ দৈনন্দিন জীৱন যাত্ৰা সম্পূৰ্ণৰূপে দুৰ্বিসহ কৰি তুলিছে। জিলা প্ৰশাসন, পৌৰসভাটো দূৰৈৰে কথা খোদ শিৱসাগৰ যান-বাহন আৰক্ষীকেই কেৰেপ নকৰা শ শ ই-ৰিক্সাৰ বাবেই নগৰখনত এতিয়া সৃষ্টি হৈছে এক অভাৱনীয় যান-জঁটৰ।
প্ৰতিদিনেই চহৰখনৰ মাজমজিয়াত ইটোৰ পিছত সিটো সংঘটিত হ’বলৈ ধৰিছে দুৰ্ঘটনা। সকলো ধৰণৰ যান-বাহন আইন উলংঘনেৰে নিজৰ ময়মতালিৰে পুৱাৰ পৰা নিশালৈকে চহৰখনৰ মাজমজিয়াত সন্ত্ৰাস চলাই অহা শ শ বৈধ-অবৈধ ই-ৰিক্সা বৰ্তমান সময়ত সাধাৰণ নাগৰিকৰ বাবে আতংক আৰু দুৰ্ঘটনাৰ অন্য এক কাৰক হৈ পৰিছে।
উল্লেখ্য যে আজিৰ পৰা চাৰিটা বছৰৰ পূৰ্বে পোন প্ৰথমবাৰৰ বাবে শিৱসাগৰ চহৰৰ মাজমজিয়াত চলাচলৰ বাবে শিৱসাগৰ পৌৰসভাই মাত্ৰ এশখন ই-ৰিক্সাকহে অনুমতি প্ৰদান কৰিছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ত শিৱসাগৰ জিলা পৰিবহন বিভাগৰ তৰফৰ পৰাও সম পৰিমানৰ ই-ৰিক্সাক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছিল যদিও এই অনুজ্ঞাপত্ৰৰ ভিত্তিত চহৰৰ ভিতৰৰ পৰিৱৰ্তে চহৰৰ বাহিৰতহে ই-ৰিক্সা চলাচলৰ বাবে অনুমতি প্ৰদান কৰিছিল।
কিন্তু এটা দালাল চক্ৰই অতি কৌশলেৰে এশখন বৈধ ই-ৰিক্সাৰ গইনা লৈ বিভিন্ন প্ৰক্ৰিয়াৰে শিৱসাগৰ চহৰখনত প্ৰায় ২ হেজাৰতকৈ অধিক অবৈধ ই-ৰিক্সাৰ চলাচল আৰম্ভ হ’বলৈ ধৰে। অভিযোগ অনুসৰি শিৱসাগৰ জিলা প্ৰশাসন আৰু পৌৰসভাই সেই সময়ত এই ভয়ংকৰ কাণ্ড স্পষ্টভাৱে অৱগত হোৱাৰ পিছতো চকুমুদা কুলিৰ ভাও ধৰাৰ বাবেই ক্ৰমাৎ ই-ৰিক্সাৰ কেঁকুৰা চেপাত সমগ্ৰ চহৰখন স্থৱিৰ হৈ পৰিছে।
বিগত এটা বছৰৰ পূৰ্বে পৌৰসভাই ই-ৰিক্সাসমূহ নিয়ন্ত্ৰণ কৰাৰ নামত ২ হেজাৰ ই-ৰিক্সাৰ পৰা বৃহৎ পৰিমানৰ জৰিমনা আদায় কৰিছিল যদিও ই-ৰিক্সাৰ অতপালি সামান্য পৰিমানেও নিয়ন্ত্ৰণ নহ’ল। বৰঞ্চ জিলাকেইখনত সামান্য উন্নয়ন সাধনেৰে ঐতিহাসিক চহৰখনৰ গৰিমা আৰু সৌন্দয্য ৰক্ষা কৰি অহা চহৰবাসীৰ দৈনিক বৃদ্ধি পাই অহা যান-বাহনৰ প্ৰশাসন আৰু পৌৰসভাৰ নিৰ্লিপ্ততাৰ বাবেই এতিয়া চকুৰ সন্মুখতেই শিৱসাগৰ চহৰখনত বৈধ-অবৈধ ই-ৰিক্সাই এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
অভিযোগ অনুসৰি শিৱসাগৰ কোনো এটা পুলিচ পইণ্টতেই এইসমূহ ই-ৰিক্সাই নামানে যান-বাহন আৰক্ষীৰ সংকেট। দেশ স্বাধীনতাৰ সময়ৰ পথ বিপৰীতে শিৱসাগৰ চহৰৰ বাট-পথসমূহ সৱলীকৰণৰ বাবে কোনো ধৰণৰ বিজ্ঞানসন্মত কাৰিকৰী কৌশল প্ৰয়োগ কৰা হোৱা নাই। ফলত ঠেক বাট-পথেৰে চলি থকা ক্ষুদ্ৰ চহৰখনত অতিৰিক্তভাৱে মেলি দিয়া ২ হেজাৰ বৈধ-অবৈধ ই-ৰিক্সা এতিয়া হৈ পৰিছে শিৱসাগৰবাসীৰ সন্মুখত অন্য এক বৃহৎ সমস্যা হিচাপে।
বিভিন্ন সৰু-বৰ দুৰ্ঘটনাৰ অন্যতম কাৰক হিচাপে চিহ্নিত এই বৈধ-অবৈধ ই-ৰিক্সাসমূহ নিয়ন্ত্ৰণ কৰা, অবৈধ ই-ৰিক্সা জব্দ কৰা, চহৰবাসীৰ নিৰাপদ যাতায়ত নিশ্চিত কৰা ইত্যাদি বিষয় সামৰি বিভিন্ন দল-সংগঠনে জিলা প্ৰশাসন, পৌৰসভাক বাৰম্বাৰ দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই।
ফলশ্ৰুতিত দৈনিক বৃদ্ধি পাই অহা অবৈধ ই-ৰিক্সাৰ অতপালিৰ বাবেই সাধাৰণ নাগৰিক পিষ্ট হোৱাৰ বিপৰীতে জৰিমনা আদায়েৰে চমক সৃষ্টি কৰা পৌৰসভা আৰু জিলা প্ৰশাসনৰ এটা পক্ষ অতি সংগোপনে লাভাম্বিত হোৱাৰো অভিযোগ উঠিছে। সচেতন মহলে এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ তাৎক্ষণিক হস্তক্ষেপ কামনা কৰাৰ লগতে আৰক্ষী অধীক্ষককো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।