নগৰবেৰাৰ ভখুৰাদিয়াত জলসম্পদ বিভাগৰ আঁচনিত ঠিকাদাৰৰ বিয়াগোম দুৰ্নীতিৰ অভিযোগ

 08/03/2021 - 18:14
 
 
 
নগৰবেৰাঃ নগৰবেৰাৰ ভখুৰাদিয়াত জলসম্পদ বিভাগৰ আঁচনিত ঠিকাদাৰৰ বিয়াগোম দুৰ্নীতিৰ অভিযোগ। ভখুৰাদিয়াত বিভাগটোৰ নিৰ্মীয়মান পৰিদৰ্শন ডাক বঙলা আৰু বাউণ্ডাৰী ৱাল’ৰ  কামত সংশ্লিষ্ট ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰি চলাইছে লুণ্ঠনৰ ফন্দি। ৰাইজে নিম্নমানৰ কামৰ বাবে বাৰম্বাৰ অভিযোগ উত্থাপন কৰা স্বত্বেও গা নলৰিল খামিডাঠ ঠিকাদাৰৰ, সেয়ে স্থানীয় সচেতন যুৱকসকলে এইদৰে সাৱ্যস্ত কৰিলে প্ৰতিবাদ।
 
অতি নিম্নমানৰ ইটা-বালি, চিমেণ্টেৰে কাম কৰি কৰ্মৰত দুই ঠিকাদাৰে ক্ৰমে ২০ লাখ আৰু ৯ লাখ টকীয়া কাম দুটাত কৰি গৈছে পাল মৰা বিধৰ কাম। ৰাইজৰ মতে বিভাগটোৰ একাংশ বিষয়াৰে মিতিৰালি কৰি ঠিকাদাৰে চলাইছে এনে দুৰ্নীতি, হাতেৰে মোহাৰি দিলেই ভাঙি যায় টুকৰা-টুকুৰকৈ। প্ৰতিবাদকাৰী যুৱক বৃন্দই বিষয়টোৰ এক তদন্তৰ যোগেদি সঠিককৈ কাম কৰাৰ দাবী উত্থাপন কৰে, এইক্ষেত্ৰত বিভাগীয় মন্ত্ৰীৰো হস্তক্ষেপৰ দাবী উত্থাপন তুলিছে প্ৰতিবাদকাৰীয়ে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।