সুদীৰ্ঘ ৩০ বছৰ গৃহ বিভাগত চাকৰি কৰা বিষয়াক বিদেশী ঘোষিত

 05/29/2019 - 20:23

উত্তৰ গুৱাহাটীঃ গৃহ বিভাগৰ উচ্চ পদস্থ বিষয়াই উদঙাই দিলে দেশৰ গৃহ বিভাগৰ ফোপোলা স্বৰূপ। বিএছএফ আৰু সেনাবাহিনীত সুদীৰ্ঘ ত্ৰিশ বছৰ কাম কৰাৰ পাছত বিদেশী ঘোষিত হ'ল এগৰাকী বিএছএফৰ সহ পৰিদৰ্শক। কামৰূপৰ বকোৰ মঃ সোনাউল্লাহ নামৰ বিএছএফ উপ পৰিদৰ্শকজনক বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰাৰ পাছত কামৰূপ আৰক্ষীয়ে আটক কৰে।

মঙলবাৰে উত্তৰ গুৱাহাটী আৰক্ষীয়ে থানালৈ ফোনযোগে মাতি আনে মঃ সোনাউল্লাহ নামৰ বিএছএফ উপ পৰিদৰ্শকজনক। কেৱল বিএছএফ উপ পৰিদৰ্শক সোনাউল্লাহেই নহয়, পিতৃ ছাহনাজ আখতাৰ, ভনী হেলিমিনা আখতাৰ আৰু সোনাউল্লাৰ পুত্ৰ ছহিদ আখতাৰকো বিদেশী ঘোষণা কৰিছে। আচলতে কোন হয় সোনাউল্লাহ? সেনাবাহিনীৰ অবৈতনিক কেপ্টেইন পদেৰে দেশ সেৱাৰ আদিপাঠ লোৱা সোনাউল্লাই ২০১৭ চনত অবসৰ লয়।

পৰৱৰ্তী সময়ত বিএছএফৰ সহকাৰী পৰিদৰ্শক পদত জম্মু কাশ্মীৰকে ধৰি দেশৰ ভিন্ন প্ৰান্তত অতন্দ্ৰ প্ৰহৰী হৈ কাম কৰিছিল। দেশৰ ৰাষ্ট্ৰপ্ৰধানেও কৰ্মনিপুণতাৰ স্বীকৃতি হিচাপে পদক প্ৰদান কৰিছিল সোনাউল্লাহক। পৰ্যাপ্ত নথিৰ অভাৱত আদালতে ডিটেনশ্বন কেম্পলৈ পঠালে সোনাউল্লাহৰ লগতে পৰিয়ালৰ তিনি সদস্যক।

কিন্তু সোনাউল্লাহৰ পৰিয়ালে এয়া চৰকাৰৰ অন্যায় সিদ্ধান্ত বুলিহে দাবী কৰিছে। কেৱল সোনাউল্লাহেই নহয় বহু পৰিয়ালেই চৰকাৰৰ অন্যায়ৰ বলি হৈছে। এটা ধৰ্মীয় সম্প্ৰদায়ৰ প্ৰতি চৰকাৰ আক্ৰোশ বেছি বুলি ব্যক্ত কৰে আত্মীয়ই। আদালতত পুনৰ আবেদনৰ হুংকাৰ ভুক্তভোগী পৰিয়ালৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।