বঙাইগাঁৱত অনাময় শৌচাগাৰ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

 05/29/2019 - 20:42

মাণিকপুৰ: দেশৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালক উপকৃত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অনাময় শৌচাগাৰ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে যদিও বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩নং গোলাপাৰা বাংলাপাৰা গাঁও পঞ্চায়তৰ বাংলাপাৰা গাঁৱত মানাহ ভেলী গ্ৰাম উন্নয়ন পৰিষদ নামৰ স্বেচ্ছাসেৱী সংগঠনে এই অনাময় শৌচাগাৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজ তথা হিতাধিকাৰীয়ে।

উল্লেখ্য যে প্ৰাক্তন পঞ্চায়ত সভাপতি আকবৰ আলীৰ ছত্ৰছায়াত ঠিকাদাৰৰূপী পুত্ৰ আহম্মদ আলীয়ে ভুৱা একাধিক অস্তিত্বহীন স্বেচ্ছাসেৱী সংস্হা গঠন কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বঙাইগাঁও জিলা কাৰ্যালয়ৰ অধীনত বিশেষকৈ কেইবাশতাধিক দৰিদ্ৰ পৰিয়ালৰ অনাময় শৌচাগাৰ নিৰ্মাণত চূড়ান্ত দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে। মুছলিম অধ্যুষিত অঞ্চলত বহু পৰিয়ালৰ শৌচাগাৰ নিৰ্মাণ আধৰুৱা কৰি ৰাখি, বহুতৰ নবনোৱাকৈয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাৰ সহযোগত আবণ্টিন পুঁজি উলিয়াই নিলে আহম্মদ আলী নামৰ ঠিকাদাৰজনে।

ফলত এতিয়াও হাবিৰ মাজত ফটা বস্তাৰ আঁৰ দি, বাঁহৰ বেৰ দি নিজেই তৈয়াৰ কৰা অস্বাস্থ্যকৰ পৰিৱেশৰ শৌচাগাৰকে ব্যৱহাৰ কৰি থাকিব লগা হোৱাত পৰিয়ালবোৰে ক্ষোভ প্ৰকাশ কৰাৰ লগতে চৰকাৰক ন্যায়িক তদন্ত কৰি ঠিকাদাৰজনৰ বিৰুদ্ধে বিহিত ব‍্যৱস্হা লবলৈ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।