05/29/2019 - 20:47
in
ডিজিটেল ডেস্ক: ভাৰত চৰকাৰৰ বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ'ৰ এটি গোপন সূত্রৰ ভিত্তিত জাগীৰোডস্হিত ট্রেফিক পইণ্টত তিনিজন চোৰাং চিকাৰীক বন বিভাগ আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানকাৰী এটি দলে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে তিনিওজন চোৰাং চিকাৰী গঁড় হত্যাৰ বিভিন্ন অভিযোগত অভিযুক্ত হৈ আছিল। অভিযুক্তকেইজনৰ ভাষ্য আৰু তদন্তৰ পিছত এটি ৩০৩ ৰাইফল আৰু চাৰি জাঁই গুলি চামগুৰিৰ পৰা উদ্ধাৰ কৰা হয়।