উদ্যোগ হিচাপে ঘোষিত হ'বনে অসমীয়া ছবিজগত

 03/11/2019 - 16:22

গুৱাহাটীঃ জয়মতী ছবিয়ে মুক্তিৰ ৮৪ টা বসন্ত বাগৰি ১০ মাৰ্চত অসমীয়া ছবিয়ে ভৰি দিলে ৮৫ বছৰত৷

জয়মতীৰ পৰা আৰম্ভ কৰি অসমীয়া চলচ্চিত্ৰ ডাঃ বেজবৰুৱা, ঘৰ-সংসাৰ, ফিৰিঙতি, মন-মন্দিৰ, যৌৱনে আমনি কৰে, হিয়া দিয়া নিয়া, তুমি আহিবানে শেহতীয়া ভাৱে ককাইদেউ বিন্দাচ কে ধৰি বহুকেইখন অসমীয়া ছবিয়ে মুক্তি লাভ কৰিলে যদিও আজিলৈকে চৰকাৰী ভাৱে অসমীয়া ছবিজগত 'উদ্যোগ' হিচাপে ঘোষিত নহ’ল।

উল্লেখ্য যে, অসমীয়া ছবি জগতৰ উন্নয়ন আৰু বিকাশৰ বাবে ১৯৭৪ চনৰ ৪ চেপ্তেম্বৰত ‘অসম চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগম‘ প্ৰতিষ্ঠা কৰে যদিও তাৰপৰা বিশেষ ফলপ্ৰসু নোাহোৱাৰ অভিযোগ উঠে৷ আজিপৰ্য্যন্ত অনা অসমীয়াৰ হাতোৰাত বন্দী অসমীয়া চলচ্চিত্ৰ৷ মিনি চিত্ৰগৃহৰ শ্ল'গান, শ্ল'গান হৈয়ে থাকিল।

প্ৰাইম টাইমত আজিও অসমীয়া ছবিয়ে মুক্তি নোপোৱাটো দুখৰ কথা৷ ৮৫ বছৰৰ পাছতো এইদৰে অসমীয়া ছবি 'উদ্যোগ' হিচাপে বঞ্চিত হৈ ৰোৱাটো লজ্জাৰ বিষয়৷ এনেকৈয়ে হেৰাই যাব নে কি অসমীয়া চলচ্চিত্ৰ উদ্যোগ? এইক্ষেত্ৰত পৰিৱৰ্তনকামী চৰকাৰখনে কি পদক্ষেপ ল'ব সেয়া হ'ব লক্ষণীয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।