বৰপেটাত ছাত্ৰী অপহৰণ: জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকলৈ আবেদন পৰিয়ালৰ

 05/29/2019 - 21:09

বৰপেটা: বৰপেটাৰ হেলনাৰপামৰ পৰা এগৰাকী কলেজীয়া ছাত্ৰীক কিছুদিন পূৰ্বে অপহৰণ কৰা ঘটনা পোহৰলৈ আহিছে। ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। ছাত্ৰীগৰাকীক অপহৰণকাৰীয়ে মানৱ সৰবৰাহকাৰীৰ ওচৰত বিক্ৰী কৰাৰ আশংকাত নিদ্ৰাহৰণ হৈছে পৰিয়ালৰ লোকৰ। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে হাউলী আৰক্ষী থানাত ১৫ মে'ত এখন এজাহাৰ দাখিল কৰিছে।

আৰক্ষীয়ে ২০২/১৯ নম্বৰত গোচৰ ৰুজু কৰিছে যদিও অপহৃত ছাত্ৰীগৰাকীৰ আজিপৰ্যন্ত কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। কোনো ধৰণৰ সুফল নোপোৱাৰ অভিযোগ তুলি ২৮ মে'ত পৰিয়ালৰ লোকে পুনৰ বৰপেটা জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ পৃথককৈ আবেদন দাখিল কৰে। এজাহাৰ আৰু আবেদনত উল্লেখ থকা মতে হাউলী থানাৰ অন্তৰ্গত ইটাভাটাস্থিত মিলনজ্যোতি মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ ছাত্ৰীগৰাকীক হালাপাকুৰি মিলনবজাৰ গাঁওৰ আতোৱাৰ ৰহমানৰ পুত্ৰ চেলিম জাবেদসহ এটি দলে নাছৰিণ উপাধিৰ ছাত্ৰীগৰাকীয়ে কলেজৰ পৰা উভতি আহি থকা সময়ত আধাবাটতে আগুচি ধৰি মাৰুতি গাড়ীৰে বলপূৰ্বকভাৱে ভৰাই অপহৰণ কৰি কোনোবা অজ্ঞাত স্থানত আৱদ্ধ কৰি ৰাখিছে। 

অপহৰণৰ সময়ত ছাত্ৰীগৰাকীৰ লগত থকা বেগ, কিতাপ আৰু অন্যান্য সামগ্ৰী ঘটনাস্থলীত পেলাই থৈ যায়। আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত মাৰুতি গাড়ীখন জব্দ কৰাৰ লগতে চালকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমানলৈকে ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ বা অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী জনাই পৰিয়ালৰ লোকে চেলিম জাবেদ, জাবেদৰ পিতৃ আতোৱাৰ ৰহমান আৰু মাতৃ চালেহা খাতুনৰ বিৰুদ্ধে বৰপেটা জিলা উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষকলৈ আবেদন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।