আজি ব্ৰঞ্জৰ অগ্নিপৰীক্ষাত বজৰং পুনিয়া

 08/07/2021 - 12:45
 
 
 
নিউজ ডেস্কঃ ভাৰতীয় এথলীত বজৰং পুনিয়া পুৰুষৰ ৬৫ কিঃগ্ৰাঃ ফ্ৰী-ষ্টাইল ছেমি ফাইনেলত পৰাজিত হয়। পুনিয়াৰ বিৰুদ্ধে আজাৰবাইজানৰ মল্লযোদ্ধা হাজী আলিয়েভে ৫-১২ৰ ব্যৱধানত জয়লাভ কৰে। ছেমি ফাইনেলত পৰাভূত হলেও পদক জিকাৰ আশা এতিয়াও সজীৱ হৈ আছে বজৰং পুনিয়াৰ।
 
আজি ব্ৰঞ্জৰ পদকৰ বাবে যুঁজ দিব এথলীট গৰাকীয়ে। ইৰানৰ মল্লযোদ্ধা মোৰ্তাজা চেকা গিয়াচিয়ে কোৱাৰ্টাৰ ফাইনেলত বজৰং পুনিয়াৰ বিৰুদ্ধে থিয় দিব নোৱাৰিলে। বজৰঙে খেলখনত ২-১ ব্যৱধানত জয়লাভ কৰিছিল। খেলৰ আৰম্ভণিৰে পৰা বজৰং পুনিয়াই ৰক্ষনাত্মক খেল খেলিছিল।
 
প্ৰথম সময়ছোৱাত ১ পইণ্টত পিছ পৰি আছিল পুনিয়া। পুনিয়াই দ্বিতীয় ৰাউণ্ডত প্ৰত্যাৱৰ্তন কৰিছিল। ৰাউণ্ডৰ আৰম্ভণিতে বজৰঙে ২ পইণ্ট অৰ্জন কৰিছিল। ভাৰতীয় মল্লযোদ্ধাজনে ছেমি ফাইনেলত কঠিন পৰীক্ষাৰ সন্মুখীন আশা সজীৱ হৈছিল। কিন্তু সেই প্ৰত্যাশা পূৰণ কৰিব নোৱাৰিলে বজৰং পুনিয়াই। আজি ব্ৰঞ্জৰ অগ্নিপৰীক্ষাত পুনিয়া।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।