হকী খেলুৱৈ বৰুণ কুমাৰলৈ উপ-আৰক্ষী অধীক্ষকৰ পদ

 08/07/2021 - 15:52
 
 
নিউজ ডেস্কঃ অলিম্পিকত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈক লৈ গৌৰৱাম্বিত দেশবাসী। শেহতীয়াকৈ, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে শুকুৰবাৰে চম্বা জিলাৰ ডেলহাউছীৰ বাসিন্দা বৰুণ কুমাৰৰ বাবে ১ কোটি টকাৰ বঁটা ঘোষণা কৰে।
 
ট’কিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতীয় পুৰুষ হকী দলত অংশগ্ৰহণ কৰিছিল বৰুণ কুমাৰে। প্ৰতিভাৰ স্বীকৃতি স্বৰূপে বৰুণ কুমাৰক ১ কোটি টকাৰ নগদ বঁটা প্ৰদানৰ উপৰিও খেলুৱৈগৰাকীক উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হ’ব বুলিও চলিত বৰ্ষাকালীন অধিৱেশনৰ পঞ্চম দিনা বিধানসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।