শিলচৰত বিহাৰৰ ডকাইতৰ বেংক গ্ৰাহকৰ পৰা ১২ লাখ টকা লুটঃ ৰাইজৰ উত্তম-মধ্যম

 05/30/2019 - 12:33

শিলচৰঃ শিলচৰত দিন দুপৰতে বেংক গ্ৰাহকৰ পৰা ১১ লাখ টকা কাঢ়ি নি পলায়ন কৰোতেই ৰাইজৰ হাতত ধৰা পৰে এটা ডকাইত৷ ধৃত বিহাৰৰ ডকাইত ৰাজ ৰয়ক ৰাইজে উত্তম মধ্যম দি আৰক্ষীক গতাই দিয়ে৷ আৰক্ষীয়ে ধৃত ডকাইজনৰ পৰা ২ লাখ টকা উদ্ধাৰ কৰাৰ লগতে ডকাইত জনৰ বাইকখনো জব্দ কৰে৷ সম্প্ৰতি শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন ধৃত বিহাৰৰ ডকাইতজন৷

শিলচৰ চহৰৰ তাৰাপুৰ এলেকাত বুধবাৰে দিন দুপুৰীয়া প্রথমতে সাত লাখ টকা আৰু পিছত চাৰি লাখ টকা কাঢ়ি নিয়া এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অবশ্য স্থানীয় লোকৰ তৎপৰতাত চাৰি লাখ টকাৰ ভিতৰত দুই লাখ টকা উদ্ধাৰ সহ এগৰাকী ডকাইতক উত্তম মাধ্যম দি এখন বাইক সহ আটক কৰিবলৈ সক্ষম হয়। পিছত আটক কৰা ডকাইতক তাৰাপুৰ টাউন আৰক্ষী চকীত চমজাই দিয়ে স্থানীয় জনতাই। ধৃত ডকাইতৰ নাম ৰাজ ৰয়। ঘৰ ঝাড়খণ্ডৰ ৰাচীত বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে।

আৰক্ষীয়ে জনোৱা মতে, দিনৰ একমান বজাত শিলচৰৰ তাৰাপুৰ ষ্টেট বেংকৰ পৰা ঠিকাদাৰ প্রতিষ্ঠানৰ ৰাজদেব সিঙে সাত লাখ টকা উঠাই ৰাস্তাত অহাৰ পিছতেই দুগৰাকী বাইকত অহা যুৱকে টকাৰ বেগটো থাপ মাৰি লৈ যায়। ইপিনে, শিলচৰৰ মুকেশ দাস নামৰ বেচৰকাৰী প্ৰতিষ্ঠানৰ ছুপাৰভাইজাৰ মুকেশ দাসে এক্সিছ বেংকৰ পৰা চাৰি লক্ষ টকা লৈ অহাৰ পিছত শিলচৰৰ আর্বত ভৱনৰ সম্মুখৰ পৰা বাইকত অহা দুগৰাকী যুৱকে থাপ মাৰি টকা লৈ যায়। ইফালে, টকা লৈ পলায়ন কৰা ডকাইট দুজনৰ বাইক তাৰাপুৰত দুৰ্ঘটনাৰ কৱলত পৰাৰ পিচতে ৰাইজৰ হাতত ধৰা পৰে এজন ডকাইত৷ আনজন ডকাইতে ন লাখ টকা লৈ পলায় যাবলৈ সক্ষম হয়৷ পিছত স্থানীয় ৰাইজে ডকাইতজনক আটক কৰি আৰক্ষীক গতাই দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।