স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গ্ৰেণেড বিস্ফোৰণ

 08/13/2021 - 14:26
 
 
 
নিউজ ডেস্কঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমৰ চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ মন জিলাত গ্ৰেণেড বিস্ফোৰণ।জানিব পৰা মতে নগা উগ্ৰপন্থী সংগঠন NSCN(KYA)এ গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰিছে। চেংলিছো বস্তিৰ বিধ্বস্ত পথ মেৰামতি কৰি দিবলৈ আছাম ৰাইফলছ (Assam Rifles)ক সেই বস্তিটোৰ বাসিন্দাই অনুৰোধ জনাইছিল। সেই অনুসৰি আছাম ৰাইফলছৰ তৰফৰ পৰা এখন এক্সকেভেটৰপ্ৰেৰণ কৰি পাহাৰীয়া ওখোৰা-মোখোৰা পথটো মেৰামতিৰ প্ৰয়াস কৰা সময়তে নগা উগ্ৰপন্থী সংগঠনটোৱে এক্সকেভেটৰখনলৈ গ্ৰেণেড নিক্ষেপ কৰি বিস্ফোৰণ সংঘটিত কৰে। এখন এক্সকেভেটৰ ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।