ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখি চৰ্চা লাভ আমগুৰিৰ যুৱকৰ

 05/30/2019 - 14:22

 

আমগুৰি: হঠাৎ চৰ্চিত হৈ উঠিছে আমগুৰিৰ এজন যুৱক। মহামান্য ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখি চৰ্চা লাভ কৰিছে যুৱকজনে। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ শাসনকালতো উন্নয়নৰ মুখ নেদেখি এখন গাঁৱৰ এজন যুৱকে উন্নয়নৰ আশাত পত্ৰ লিখিলে মহামান্য ৰাষ্ট্ৰপতিলৈ। আমগুৰি ভূঞাহাট কৈৱৰ্ত গাঁৱ​ৰ যুৱকজনৰ নাম প্ৰৱীণ দাস। প্ৰৱীণ দাসেই মহামান্য ৰাষ্ট্ৰপতিলৈ লিখিলে পত্ৰ।

 স্বাধীনতাৰ ৭২ বছৰৰ পিছতো অসম চৰকাৰৰ বিয়াগোম বিভাগ আৰু সমষ্টিৰ কোনো এজন বিধায়কে এটা গ্ৰাম্য পথ নিৰ্মাণত গুৰুত্ব নিদিয়াত অৱশেষত পত্ৰ লিখিলে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ।

আমগুৰি বিধানসভা সমষ্টিৰ ভূঞাহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত অনুসূচিত জাতিৰ কৈৱৰ্ত সম্প্ৰদায়ৰ একমাত্ৰ জাঁজী নৈপৰীয়া গাঁও ভূঞাহাট কৈৱৰ্ত গাঁও। বিভিন্ন সমস্যাৰে জৰ্জৰিত গাঁওখনৰ একমাত্ৰ যাতায়াতৰ পথটো আজিও নিৰ্মাণ কৰি নিদিলে। ফলত একাঠু বোকা-পানীৰে যাতায়াত কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। গুৰুত্বপূৰ্ণ বিষয় হ'ল যে পিএমজিএচৱাই আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলৈ ২০১৬ চনৰ ২০,২১ চেপ্টেম্বৰত পথটো পি ডব্লিউ ডি  বিভাগে জৰীপ চলাইছিল যদিও গৰাখহনীয়াত ভূঞাহাট কৈৱৰ্ত গাঁৱৰ ১০০ মিটাৰ পথ ছিগি থকাৰ কাৰণে পথটো নিৰ্মাণ নকৰিলে।

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নিজা ভূঞাহাট পঞ্চায়তৰ অন্তৰ্গত অনুসূচিত জাতি বসতিপ্ৰধান গাঁওখন এলাগী হৈ থকাত অৱশেষত সচেতন যুৱক প্ৰৱীণ দাসে সমগ্ৰ বিষয় বৰ্ণনা কৰি মহামান্য ৰাষ্ট্ৰপতিলৈ অতি দুখেৰে এখনি পত্ৰ লিখি সমস্যা সমাধানৰ ব্যৱস্থা কৰিব বুলি আশা কৰে।

আনহাতে যুৱকজনৰ পত্ৰ ৰাষ্ট্ৰপতি ভৱনে লাভ কৰি গুৰুত্বসহকাৰে লৈ অসম চৰকাৰৰ পাব্লিক ৱকৰ্ছ ডিপাৰ্টমেন্ট (ৰুৰেল ৰদ) দিচপুৰ গুৱাহাটীলৈ ব্যৱস্থা গ্ৰহণৰ বাবে জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে।ইয়াৰ পিছতো অসম চৰকাৰে গাঁওখন উন্নয়নৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰিব সময়তহে লক্ষণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।