বৰপেটা: ডিটেনশ্বন কেম্পৰ বাবে সমগ্ৰ ভাৰতৰ লগতে বিশ্বত অসমৰ ভাৱমূৰ্তি বিনষ্ট হৈ পৰিছে। ইয়াকে লৈ আম আদমী পাৰ্টি বৰপেটাৰ সক্ৰিয় সদস্য ফাৰুক খানে অকলেই আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। বিগত সময়ছোৱাত মইনুল মোল্লাৰ লগতে বহুতে ডিটেনশ্বন কেম্পত বন্দীত্বৰ জীৱন কটোৱাৰ পিছত উচ্চতম ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়াৰে মুক্তিলাভ কৰে।
ভাৰতৰ কোনো ৰাজ্যতে নথকা বিদেশী ন্যায়াধীকৰণত হোৱা ন্যায় প্ৰক্ৰিয়া ন্যায়সংগত নহয় বুলি বহু অভিযোগ উত্থাপিত হৈছে। যোৱা কিছুদিন আগত বৰপেটাৰ উকীল সন্থাই বৰপেটা বিদেশী ন্যায়াধীকৰণ বৰ্জন কৰাৰ সিদ্ধান্তই ইয়াৰ সত্যতা প্ৰতিপন্ন কৰে। এইক্ষেত্ৰত ফাৰুক আহমেদে দিল্লীত মানৱ অধিকাৰ আয়োগৰ ওচৰত নিজৰ দাবী উত্থাপন কৰিব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে।
দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ পিছত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ফাৰুক খানে।