কলাক্ষেত্ৰত শংকৰদেৱ আন্তঃৰ্জাতিক মহোৎসৱৰ আয়োজন

 03/11/2019 - 17:01

গুৱাহাটীঃ ‘শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মহোৎসৱ’ ১৬মাৰ্চৰ পৰা ১৭মাৰ্চলৈ গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব৷ ইয়াত অংশগ্ৰহণ কৰিব গুজৰাটৰ এটা শিল্পী দলে৷ সেই দলটোৱে শ্ৰীমন্ত শংকৰদেৱৰ ‘ৰুক্মিণী হৰণ’ অংকীয়া নাটখন গুজৰাটী ভাষাত মঞ্চস্থ কৰিব৷ বিশিষ্ট সত্ৰীয়া শিল্পী ড০ ভৱানন্দ বৰবায়নে পৰিচালনা কৰিব এই নাটকখন৷

সন্ধিয়া ৫.৩০বজাৰ পৰা শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নাটকখন মঞ্চস্থ কৰা হ’ব৷ ইয়াৰোপৰি অহা ২৩মাৰ্চ আৰু ২৪ মাৰ্চত ‘জাতীয় সংগঠকৰূপে শ্ৰীমন্ত শংকৰদেৱৰ অৱদান’ এই মহোৎসৱৰ প্ৰধান অংগ হিচাপে লৈ আন্তৰ্জাতিক পৰ্যায়ৰ এখনি আলোচনামূলক সভা আয়োজন কৰিব বুলি অনুষ্ঠানৰ উদ্যোগক্তাসকলে জনাইছে৷ ২২মাৰ্চৰ ভিতৰত গৱেষণাপত্ৰ দাখিল কৰিব লাগিব৷ এই সন্দৰ্ভত অধিক জানিবৰ বাবে ৮০১১০-৫০৮৯৭ নম্বৰত যোগাযোগ কৰিব পাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।