05/30/2019 - 14:39
in
টীয়ক: আৰ্থিকভাৱে দৈন্য যিসকল লোকে সামাজিকভাৱে বিবাহ কাৰ্য সম্পন্ন কৰিব পৰা নাছিল সেইসকলক সামাজিক নিয়মেৰে সমূহীয়াকৈ বিবাহৰ ব্যৱস্থা কৰে যোৰহাট জিলাৰ টীয়কৰ কাৱৈমাৰী গোঁহাই গাঁৱৰ যুৱকসকলে। অঞ্চলটোৰ ৰাইজৰ সহযোগত মঙ্গলবাৰে গাঁওখনৰ হৰিমন্দিৰৰ প্ৰাঙ্গনত আয়োজন কৰা এই সামূহিক বিবাহত এঘাৰ যোৰা দম্পতিয়ে আনুষ্ঠানিকভাৱে বিবাহ কাৰ্য সম্পন্ন কৰে।
৮৬ বছৰীয়া বৃদ্ধৰ পৰা নৱ দম্পতিয়ে অংশ লয় এই সমূহীয়া বিবাহৰ কাৰ্যসূচীত।