জাৰ্মান ফুটবলাৰ কিংবদন্তি গাৰ্ড মুলাৰৰ দেহাৱসান

 08/16/2021 - 18:45
 
 
 
নিউজ ডেস্কঃ ১৯৭৪ চনৰ বিশ্বকাপ জয়ী জাৰ্মান ফুটবল দলৰ কিংবদন্তি ষ্টাৰ গাৰ্ড মুলাৰ মৃত্যু। ৭৫ বছৰ বয়সত মৃত্যু ঘটে তাৰকা ফুটবলাৰগৰাকীৰ। দেশৰ হৈ খেলা মুঠ ৬২খন আন্তঃৰাষ্ট্ৰীয় খেলত ৬৮টা গ’ল দিছিল তেওঁ। জাৰ্মান ফুটবলাৰ প্ৰাক্তন ষ্ট্ৰাইকাৰজনে ৭৪খন ইউৰোপীয় খেলত ৬৬টা আৰু ৪২৭খন বুন্দেছলীগা খেলত ৩৬৫টা গ’ল দি অনন্য কৃতিত্ব অৰ্জন কৰিছিল।১৯৭৪ চনৰ বিশ্বকাপত সৰ্বাধিক গ’ল স্ক’ৰাৰ আছিল মুলাৰ। দেশৰ ইতিহাসৰ শ্ৰেষ্ঠ ফুটবলাৰসকলৰ মাজৰ এজন বুলি বুন্দেছলীগাত তেওঁৰ ক্লাব বায়াৰ্ণ মিউনিখে সদৰী কৰিছে। দুখন বিশ্বকাপ খেলত ১৪টা গ’লেৰে আন এক কৃতিত্বৰ অধিকাৰী হৈছিল মুলাৰ। সুদীৰ্ঘ ৩২বছৰ পাছত অৰ্থাৎ ২০০৬ চনৰ বিশ্বকাপত তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডই তেওঁক অতিক্ৰম কৰিছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।