ৰামেশ্বৰ তেলীৰ কেন্দ্রীয় মন্ত্রীসভাত স্থান লাভৰ সম্ভাৱনা

 05/30/2019 - 16:44

ডিজিটেল ডেস্ক: অসমৰ পৰা ৰামেশ্বৰ তেলীয়ে কেন্দ্রীয় মন্ত্রীসভাত স্থান পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। জানিব পৰা মতে ৰামেশ্বৰ তেলীলৈ প্ৰধানমন্ত্রী কাৰ্যালয়ৰ পৰা ফোনযোগে আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্রী মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ জনোৱা হৈছে। ডিব্ৰুগড়ৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা তেলীক আজি বিয়লি ৪.৩০ বজাত নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিবলৈ কোৱা হৈছে।

প্ৰধানমন্ত্রী কাৰ্যালয়ৰপৰা অহা এই ফোনে এতিয়া ৰামেশ্বৰ তেলীৰ কেন্দ্ৰীয় মন্ত্রীসভাত স্থান লাভৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।