প্রিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ৱদ্ৰালৈ ই ডি’ৰ চমন

 05/30/2019 - 18:01

ডিজিটেল ডেস্কঃ ধন আত্মসাতৰ গােচৰত এনফ’র্চমেন্ট ডাইৰেক্টৰেট চমুকৈ ই ডি’য়ে কালি প্ৰিয়ংকা গান্ধীৰ স্বামী তথা ৰাহুল গান্ধীৰ ভিনিহিয়েক ৰবার্ট ৱদ্রাক চমন জাৰি কৰে। দেশৰ বাহিৰত থকা অবৈধ সা-সম্পত্তি আৰু বৃহৎ পৰিমাণৰ ধন আত্মসাতৰ গােচৰত ৰবার্ট ৱদ্ৰাৰ বিৰুদ্ধে ‘ই ডি’য়ে অনুসন্ধান চলাই আছে।

কালি চমন জাৰি কৰি ‘ই ডি’য়ে ৰবার্ট ৱদ্ৰাক উপস্থিত হ'বলৈ নির্দেশ দিয়ে। নতুন দিল্লীত থকা ‘ই ডি’ৰ কাৰ্যালয়ত তেওঁক পুনৰ জেৰা কৰা হ'ব। উল্লেখ্য, লােকসভা নির্বাচনৰ আগৰ সময়খিনিত ৰবাৰ্ট ৱদ্রাক সােধা-পােছা কৰিছিল। লােকসভা নির্বাচন অন্ত হােৱাৰ পিছত এতিয়া পুনৰ ৰবার্ট ৱদ্রাক জেৰা আৰম্ভ কৰিব ‘ই ডি’য়ে।

আজি ৰবাৰ্ট ৱদ্রাই ই ডি'ৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব। লণ্ডনত অবৈধভাৱে ১.৯ নিযুত পাউণ্ডৰ সা-সম্পত্তি আহৰণ কৰিছিল ৰবাৰ্ট ৱদ্রাই। এই গােচৰত ১ এপ্রিলত ৰবার্ট ৱদ্রাই আগতীয়া জামিন লাভ কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।