ছয়মাইলত ২ কোটি টকাৰ ড্রাগছসহ এজনক গ্রেপ্তাৰ

 03/11/2019 - 18:09

গুৱাহাটীঃ গুৱাহাটী মহানগৰীত সম্প্রতি চলি আছে ড্রাগছৰ ৰমৰমীয়া বেহা। মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই ছয়মাইলত দেওবাৰে প্রায় দুই কোটি টকা মূল্যৰ ব্রাউন চুগাৰ জব্দ কৰা ঘটনাই এই বিষয় স্পষ্ট কৰিছে।

দিনৰ প্রায় ৪ বজাত ছয়মাইল উৰণীয়া সেতুৰ তলত উবেৰৰ অধীনত চলা এখন বাহনৰ পৰা নমাৰ সময়তে পূৰ্বৰে পৰা খাপ পিটি থকা অপৰাধ শাখাৰ বিষয়াৰ জোৱানে ড্ৰাগছ সৰবৰাহকাৰী আৰমান আহমেদ ওৰফে ভাইক গ্রেপ্তাৰ কৰে। জানিব পৰামতে সৰবৰাহকাৰীটোৱে ইম্ফলৰ পৰা ২৪ টা চাবােনৰ বাকচত ভৰাই পাচটা পেকেট কৰি প্রায় ৩৫০ গ্রাম ব্রাউন ছুগাৰ গুৱাহাটীত বিক্ৰীৰ বাবে আনিছিল।

সৰবৰাহকাৰীটোৱে ইম্ফলৰ পৰা বিমানেৰে আহি দিনৰ প্রায় ১১ বজাত উপস্থিত হয়। ইয়াৰ পিচত পূর্ব পৰিকল্পনামতে উবেৰৰ বাহনত উঠি আৰমান আহমেদ আই এছ বি টিত উপস্থিত হয়। কিন্তু উক্ত পৰিমাণৰ ড্ৰাগছ ক্ৰয়ৰ বাবে আৰমানক মাতি অনা চক্ৰটোৱে আই এছ বি টিৰ পৰা পল্টন বজাৰলৈ আহিবলৈ কোৱাত সৰবৰাহকাৰীটো উবেৰ বাহন লৈ পল্টন বজাৰলৈ আহে।

তেনে সময়তে সৰবৰাহকাৰীটো গুৱাহাটীত উপস্থিত হােৱাৰ খবৰ মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই গােপন সূত্রৰ পৰা লাভ কৰে। পৰৱৰ্তী সময়ত সৰবৰাহকাৰীটোক ড্ৰাগছ ক্ৰয়ৰ বাবে গুৱাহাটীত ৰৈ থকা চক্ৰটোৱে ছয়মাইল উৰণীয়া সেতুলৈ মাতে।

এই কথা অপৰাধ শাখাই জানিব পাৰি উক্ত স্থানত পূর্বৰে পৰা খাপ পিটি থাকে। বিয়লি প্রায় ৪ বজাত ছয়মাইল উৰণীয়া সেতুৰ তলত গাড়ীৰ পৰা নমাৰ সময়তে সৰবৰাহকাৰীটোক অপৰাধ শাখাৰ বিষয়া-জোৱানে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে সৰবৰাহকাৰী আৰমান আহমেদৰ বিৰুদ্ধে এটা গােচৰ ৰুজু কৰি অপৰাধ শাখাই তদন্ত আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।