ভতিজাকক হত্যা কৰা দেৱীলাল চৌহানক যাৱজ্জীৱন কাৰাদণ্ড

 05/30/2019 - 18:16

নীলবাগানঃ হোজাই জিলাৰ শংকৰদেৱনগৰ আদালতে আজি এজন হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। নিজৰে ছবছৰীয়া ভতিজাকক অতি নৃশংসভাৱে হত্যা কৰা হত্যাকাৰীজন হৈছে হোজাই দাৰিয়াবস্থিৰ দেৱীলাল চৌহান। ২০১৮ বৰ্ষৰ ৩০ এপ্ৰিল তাৰিখে পুৱা ন বজাত নিজৰ ছবছৰীয়া ভতিজাক সেৱনলাল চৌহানক হত্যাকাৰীজনে শুই থকা অৱস্থাৰ পৰা তুলি নিয়ে আৰু নিজৰ শাকনী বাৰীত নি কোৰেৰে মূৰত ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰে।

শিশুটিৰ পিতৃ ভৰতলাল চৌহানৰ লগত দেৱীলালৰ ভূমিকেন্দ্ৰিক সংঘাত আছিল। নিজ পিতৃৰ মাটি দেৱীলালে বিক্ৰী কৰিব খুজিছিল যদিও ভৰতলালে সেই মাটি বিক্ৰী কৰিবলৈ বাধা প্ৰদান কৰি আহিছিল। যাৰ পৰিণতিত আখেজৰ বলি হৈ দেৱীলাল চৌহানে ভতিজাকক হত্যা কৰে। ঘটনা সংক্ৰান্তত শিশুটিৰ পিতৃয়ে হোজাই থানাত এটা গোচৰ তৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩০২/২০১ ধাৰাৰ অধীনত ২৯৬/১৭ নং এক গোচৰ ৰুজু কৰে।

শংকৰদেৱনগৰ আদালতত উক্ত গোচৰটিৰ আজি ৰায়দান কৰা হয়। ৰায়দানত হোজাই জিলা আৰু সত্ৰ ন্যায়াধীশ এন. এচ. দেউৰীৰ আদালতে হত্যাকাৰীজনক ৩০২ ধাৰাৰ অধীনত দহ হাজাৰ টকাৰ জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ড আৰু ২০১ ধাৰাৰ বাবে পাঁচ হাজাৰ টকাৰ জৰিমনাৰ লগতে তিনি বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। উক্ত গোচৰত চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰিছিল অধিবক্তা অমৰজ্যোতি শইকীয়াই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।