ৰঙিয়াত ভাৰতীয় ৰে'লৱে আৰু বনবিভাগৰ মাজত হাতীৰ সুৰক্ষা সন্দৰ্ভত আলোচনাচক্ৰ

 05/30/2019 - 18:36

ৰঙাপৰা: উত্তৰ পূব সীমান্ত ৰে'লৱে আৰু বনবিভাগৰ মাজত এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ বুধবাৰে ৰে'লৱে সহকাৰী প্ৰৱন্ধকৰ কাৰ্যালয়, ৰঙিয়াত অনুষ্ঠিত হৈ যায়। সভাত ৰে'লৰ খুন্দাত হাতীৰ নিধন, ৰে'লৱে আৰু বনবিভাগৰ কৰ্মচাৰীক পুৰস্কৃত কৰা, ৰে'লৱে পথৰ কাষত হাতীৰ বিচৰণ সন্ধৰ্ভত ৰে'ল চালকসকলে ল'বলগীয়া সাৱধানতাৰ ওপৰত আলোকপাত কৰা হয়। লগতে ৰে'ল চালকসকলক বনবিভাগৰ প্ৰশিক্ষণ, ৰঙাপৰা মহাবিদ্যালয়ৰ সমীপত হস্তী দণ্ডি নিৰ্মাণ আদি বিষয়সমূহৰ সন্দৰ্ভত দুয়ো পক্ষৰ মত বিনিময় তথা ৰে'লৱে আৰু বনবিভাগৰ যুটীয়া অভিযান আৰু ৰে'লৱে সহকাৰী প্ৰবন্ধকৰ কাৰ্যালয়, ৰঙিয়াত বনবিভাগৰ কৰ্মচাৰী নিয়োগ আদি বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়।

সভাত শোণিতপুৰ জিলাৰ বন বিষয়া ৰঞ্জিত কোঁৱৰ, অবৈতনিক বন সংৰক্ষক সৌৰভ বৰকটকী, লক্ষিমপুৰ জিলা বনবিভাগ আৰু ৰে'লৱে সহকাৰী প্ৰবন্ধক কাৰ্যালয়, ৰঙিয়া শাখাৰ সহকাৰী প্ৰবন্ধক সন্তোষ কুমাৰ শৰ্মাই অংশগ্ৰহণ কৰে।

বিগত দিনত ৰে'লৰ খুন্দাত হাতীৰ মৃত্যু বৃদ্ধি পাই অহা তথা বিগত দিনত বহুত হাতী নিহত আৰু আঘাতপ্ৰাপ্ত হোৱা ঘটনা সংঘটিত হৈ থকাৰ সময়ত ৰে'লৱে আৰু বনবিভাগৰ মাজত অনুষ্ঠিত এনেধৰণৰ আলোচনা চক্ৰই ফলপ্ৰসূ ফলাফল দেখুৱাব পাৰিব বুলি প্ৰকৃতিপ্ৰেমী ৰাইজে মত পোষণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।