বিদেশীৰ নামত সংখ্যালঘুক অত্যাচাৰ: ইত্তেহাত ফ্ৰণ্টৰ প্ৰতিক্ৰিয়া

 05/30/2019 - 19:10

খাৰুপেটীয়া: ভাৰতীয় সেনাৰ প্ৰাক্তন কেপ্তেইন তথা বৰ্তমানে সীমান্ত আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক পদত কৰ্মৰত মঃ ছোনাউল্লাহ নামৰ ব্যক্তিজনক বিদেশী ঘোষণা কৰি ডিটেশ্বন কেম্পলৈ প্ৰেৰণ কৰাত জাঙুৰ খাই উঠিছে ইত্তেহাত ফ্ৰণ্ট। ইত্তেহাত ফ্ৰণ্টৰ সাধাৰণ সম্পাদক নুৰ ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসম চৰকাৰে বিদেশীৰ নামত সংখ্যালঘুৰ ওপৰত চলোৱা অত্যাচাৰৰ চৰম সীমা অতিক্ৰম কৰিছে।

বিদেশী ন্যায়াধীকৰণে একপক্ষীয়ভাবে আলি, হুছেইন, শ্বেখ আদি উপাধিৰ ভাৰতীয় লোকক বিদেশী ঘোষণা কৰি ডিটেশ্বন কেম্পত প্ৰেৰণ কৰি আছে। প্ৰাক্তন সেনা বিষয়া ছোনাউল্লাহক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনাইছে ইত্তেহাত ফ্ৰণ্টে। লগতে কয় যে বিদেশী ঘোষণা কৰা প্ৰতিটো গোচৰ আৰু শুনানীৰ ওপৰত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে তদন্ত সমিতি গঠন কৰি ডিটেশ্বন কেম্পত থকা ভাৰতীয় নাগৰিকক মুকলি কৰি দিয়াৰ বাবে অসম চৰকাৰক দাবী জনাইছে।

অন্যথা বিদেশীৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি চলোৱাৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিয়ে ইত্তেহাত ফ্ৰণ্টৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক নুৰ ইছলামে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।