কৃষকৰ ভূমি অধিকাৰৰ দাবীৰে উত্তৰ গুৱাহাটীত কৃষকৰ অৱস্থান ধৰ্মঘট

 05/30/2019 - 20:09

গুৱাহাটী: থলুৱাৰ ভূমি অধিকাৰৰ দাবীত জালুকবাৰী সমষ্টিৰ উত্তৰ ফুলুঙ ডেকাবাৰীৰ ৰাইজ প্ৰতিবাদত নামিছে। উত্তৰ ফুলুঙৰ কৃষি বীজ নিগমৰ (চীড ফ্ৰাম) ৭৩০ বিঘা ভূমি পৰিত্যক্ত অৱস্থাত থকাত স্থানীয় কৃষকে ভোগ দখল কৰি আহিছিল। কিন্তু পুৰুষাণুক্ৰমে ভোগ দখল কৰি পেট প্ৰৱৰ্তোৱা কৃষকক উচ্ছেদ কৰি চৰকাৰে বহিৰাগত বণিয়াক সংস্থাপিত কৰাৰ চক্ৰান্ত কৰাৰ অভিযোগত ৰাজপথলৈ ওলাই আহিল ৰাইজ।

উত্তৰ ফুলুং ভূমি সংৰক্ষণ সমিতিৰ উদ্যোগত চীড ফ্ৰামৰ সমীপৰ নামঘৰত আজি আমাৰ অধিকাৰ ঘূৰাই দিয়ক, আমাৰ মাটি আমাৰ অধিকাৰ ধ্বনিৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ফুলঙবাসীয়ে। উত্তৰ ফুলুং ভূমি সংৰক্ষণ সমিতিৰ সভাপতি প্ৰবোধ লেখাৰুয়ে দাবী কৰা মতে পিতৃ পুৰুষৰ দিনৰ পৰা ভোগ দখল কৰা দুখীয়া খেতিয়কৰ মাটি কাঢ়ি চৰকাৰে বণিয়া গোষ্ঠীক অৰ্পণ কৰিব বিছাৰিছে। চৰকাৰৰ অন্যায় পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম।

উত্তৰ ফুলুঙৰ এই ভূমিৰ অধিকাৰৰ বাবেই কৃষক আন্দোলনত বিহুৰাম বড়োসহ দুজন ছহিদ হৈছিল। থলুৱা কৃষকৰ অধিকাৰৰ বাবে আমি মৃত্যু বুকুপাতি ল'বলৈ সাজু বুলিও তেওঁ মন্তব্য কৰে। ভোগ দখলকাৰীয়ে ভূমি আবণ্টনৰ বাবে দিয়া দৰ্খাস্তমৰ্মে ২০১৬ চনৰ ফেব্ৰুৱাৰীত কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এছডিএলএচি সভাত ৬৮ টা পৰিয়ালক অনুমোদন জনাইছিল যদিও আজিকোপতি আবণ্টন নিদিলে চৰকাৰে। কৃষকৰ এই অধিকাৰত বিধায়কেহে বিধি পথালি দিছে বুলিও তেওঁ জনায়। উল্লেখ্য যে চীড ফ্ৰামৰ বৃহৎ ভূমি ইতিমধ্যে কেইবাজনো বণিয়াই পঞ্চাশ ষাঠি বিঘাকৈ দখল কিনি খোপনি পুতিছে।

ইতিমধ্যে চীড ফ্ৰামৰ এই ভূমিত প্ৰধানমন্ত্ৰীৰ কৌশল বিকাশ যোজনাৰ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠাৰ লগতে ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে ইতিমধ্যে ৭০ বিঘা ভূমিৰ আবণ্টন দিছে। ইয়াৰ উপৰি আয়ুৰ্বেদ বিজ্ঞান, আৰ্ট অব লিভিং তথা পতঞ্জলি উদ্যোগৰ বাবেও নিৰীক্ষণ চলি আছে। আজি ফুলুঙবাসীয়ে তিনি ঘণ্টাৰ অৱস্থান ধৰ্মঘট পালন কৰি কৃষকৰ অধিকাৰক সন্মান সহকাৰে বিবেচনা কৰিবলৈ আহ্বান জনায়। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।