টীয়কত কিডনী ৰোগত আক্রান্ত ছাত্ৰ: সহায়ৰ আহ্বান পিতৃৰ

 05/30/2019 - 20:25

টীয়ক: টীয়ক সমষ্টিৰ মেলেং মেটলীৰ দিলীপ বৰবৰুৱা আৰু ৰূপা বৰবৰুৱাৰ একমাত্ৰ সন্তান নিহাৰ বৰবৰুৱা। ভোলানাথ আদৰ্শ জাতীয় বিদ্যালয়ত চতুৰ্থ শ্ৰেণীত পঢ়ি আছে নিহাৰ। পিতৃ দিলীপ বৰবৰুৱাই দিন-হাজিৰা কৰি পৰিয়ালটো কথমপি চলাই থকাৰ মাজতে নিহাৰ কিডনী ৰোগত আক্রান্ত হোৱাৰ পাছত একমাত্ৰ পুত্ৰক চিকিৎসা কৰাৰ ক্ষেত্ৰত যোৰহাট, ডিব্ৰুগড়, গুৱাহাটী মেডিকেলত চিকিৎসা কৰাইছিল যদিও উন্নত চিকিৎসাৰ বাবে বহু লক্ষ টকাৰ প্ৰয়োজন এতিয়া এই দৰিদ্ৰ পৰিয়ালটিক।

সেয়েহে দিন-হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া এই দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ পুত্ৰক জীয়াই ৰাখিবৰ বাবে কোনো সদাশয় ব্যক্তি, দল-সংগঠন তথা চৰকাৰক আহ্বান জনাইছে সন্তানটোৰ পিতৃয়ে। এইক্ষেত্ৰত কোনো ব্যক্তিয়ে সহযোগিতা আগবঢ়ালে মেলেং ফেঁচুৱাল ষ্টেট বেংকৰ 30770587949 একাউণ্ট নং (IFSC 9436) নতুবা 9854384785 ফোন নম্বৰত যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।