তিনিচুকীয়াত অসম মৰাণ সভাৰ কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি

 05/30/2019 - 21:04

তিনিচুকীয়া: প্ৰাক ঐতিহাসিক কালৰে পৰা অসমত বসবাস কৰি অহা ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীটোৰ পিতৃ স্বৰূপ সংগঠন অসম মৰাণ সভাৰ ঊনবিংশতম দ্বি-বাৰ্ষিক অধিৱেশন আৰু মৰাণ জাতীয় মহিলা পাৰিষদৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব তিনিচুকীয়া জিলাৰ টিংৰাই ৰাজহুৱা প্ৰেক্ষাগৃহত। ৩১ মে'ৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ বাবে উদ্যোক্তাসকলে ব্যাপক প্ৰস্তুতি চলাইছে৷

উক্ত অধিৱেশনত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে মৰাণ জনগোষ্ঠীটোক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কৰি অহা বঞ্চনাৰ বিৰুদ্ধেও গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব৷ ইয়াৰোপৰি ১ জুনত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি অসম মৰাণ সভাৰ উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।