১ বাংলাদেশীক উভতাই পঠোৱাৰ বিপৰীতে ২ ভাৰতীয়ক বাংলাদেশৰ পৰা উভতাই অনা হয় অসমলৈ

 05/31/2019 - 12:25

ডিজিটেল ডেস্কঃ ইমানদিনে অসমৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা বাংলাদেশীসকলক বাংলাদেশক হস্তান্তৰ কৰা হৈছিল৷ কিন্তু এইবাৰ বাংলাদেশে গতালে দুইজন ভাৰতীয় নাগৰিকক। এগৰাকী বাংলাদেশীক উভতাই পঠোৱাৰ বিপৰীতে বৃহস্পতিবাৰে দুগৰাকী ভাৰতীয়ক বাংলাদেশৰ পৰা উভতাই অনা হয় অসমলৈ ৷ভাৰতীয় দুগৰাকী হোজাই জিলাৰ বাসিন্দা। নাম ইকবাল হুছেইন দিলোৱাৰ আৰু চেলিম উদ্দিন। উভতাই পঠোৱা বাংলাদেশীজনৰ নাম বাবলু ৰয় ঘাটোৱাৰ। ২০১৮ চনত হোজাইৰ ইকবাল হুছেইন দিলোৱাৰ আৰু চেলিম উদ্দিন গোপন পথৰে বাংলাদেশলৈ প্ৰৱেশ কৰিছিল।

কিন্তু পাচপৰ্ট নথকাৰ বাবে বাংলাদেশ আৰক্ষীৰ হাতত ধৰা পৰি মৌলভিবজাৰ জিলাৰ জেলত থাকিবলগা হয়। দুয়ো দেশৰ উচ্চ আয়োগ পৰ্যায়ৰ আলোচনাৰ পাছত শুকুৰবাৰে কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে দুয়ো গৰাকী ভাৰতীয়ক উভতাই অনা হয়। এই প্ৰক্ৰিয়াত কৰিমগঞ্জ আৰক্ষীৰ লগতে হোজাইৰ আৰক্ষীও উপস্থিত আছিল সুতাৰকান্দিত।আনফালে বাংলাদেশী যুৱক বাবলু ৰয় ঘাটোৱাৰ প্ৰায় চাৰি বছৰ পূৰ্বে কৰিমগঞ্জৰ পাথাৰকান্দি সীমান্তৰে ভাৰতত অবৈধ ভাৱে প্ৰবেশ কৰিছিল। কৰিমগঞ্জ আৰক্ষীৰ হাতত ধৰা পৰি প্ৰায় চাৰি বছৰ শিলচৰ ডিটেনছন কেম্পত বন্দীত্বৰ জীৱন যাপন কৰিছিল৷

বন্দীত্বৰ ম্যাদ উকলি যোৱাৰ পাছত বৃহস্পতিবাৰে সুতাৰকান্দি সীমান্তৰে বাংলাদেশক গতাই দিয়া হয়। কৰিমগঞ্জ সীমান্ত শাখাৰ আৰক্ষীৰ হৈ আব্দুল ৱাকীলসহ হোজাই জিলাৰ সীমান্ত শাখাৰজ আৰক্ষীও উপস্থিত আছিল, সীমান্ত সুৰক্ষা বাহিনীৰ সুতাৰকান্দি কোম্পানী কামাণ্ডাৰ জছৱান্ত সিং, বাংলাদেশৰ হৈ আছিল বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ নায়ক চুবেদাৰ জাকিৰ হুছেইন আৰু শ্বহীদ সহ ৭ জনীয়া দল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।