নলবাৰীৰ বৰকুৰিহাত কথমপি প্ৰাণৰক্ষা ১০ যাত্ৰীৰ

 05/31/2019 - 12:29

নলবাৰীঃ নলবাৰী-হাজো পথৰ বৰকুৰিহাত সংঘটিত এক দুৰ্ঘটনাত দহগৰাকী লোকৰ কথমপি প্ৰাণৰক্ষা পৰে। জানিব পৰা অনুসৰি নলবাৰী চহৰৰ পৰা এ এছ ২৫ এ চি ৬৫৬৬ নম্বৰৰ ট্ৰেভেলাৰ গাড়ীখনে দহগৰাকী যাত্ৰী লৈ গুৱাহাটী অভিমুখে গৈ আছিল।

তেনে অৱস্থাত মৰোৱা হাটখোলাৰ সমীপৰ নলবাৰী-হাজো পথৰ বৰকুৰিহাৰ কেকুৰিটোৰ ওচৰতে ট্ৰেভেলাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা মেটেকাভৰা খাৱৈত সোমাই পৰে। লগে লগে প্ৰত্যক্ষদৰ্শী ৰাইজে হুৱাদুৱা লগায়।

অৱশ্যে যাত্ৰীসকলক ঘটনাক্ৰমে ৰক্ষা পৰে। উল্লেখযোগ্য যে ইতিপূৰ্বে নলবাৰী-হাজো পথৰ উল্লিখিত কেঁকুৰিটোত কেইবাজনো মটৰ চাইকেল আৰোহীয়ে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।