বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাৰ্ষিক সভা

 05/31/2019 - 12:33

গুৱাহাটীঃ বিদ্যাভাৰতী, অখিল ভাৰতীৰ শিক্ষা সংস্থানৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাৰ্ষিক সাধাৰণ সভাখন অহা ২ জুন তাৰিখ দেওবাৰে গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা পথৰ বিষ্ণু পথত থকা শংকৰদেৱ বিদ্যা নিকেতনত অনুষ্ঠিত হ'ব। ৰাতিপুৱা ১০ বজাৰ পৰা হ'বলগীয়া এই সভাৰ উদ্বোধনী অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকিব।

বিদ্যাভাৰতীৰ কেইবাগৰাকী কেন্দ্ৰীয় অধিকাৰী উপস্থিত থাকিবলগীয়া এই সভাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা প্ৰায় ১৪০ গৰাকী প্ৰতিনিধি উপস্থিত থাকিব। বিদ্যা ভাৰতীৰ হৈ সংবাদ মাধ্যমক শিশু শিক্ষা সমিতি, অসমৰ প্ৰচাৰ সম্পাদক অজয় কুমাৰ বৰা আৰু বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ প্ৰচাৰ সম্পাদক পৰমেশ্বৰ বৰপূজাৰীয়ে জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।