ইছলামধৰ্মী বাবেই উপেক্ষিত নেকি সোণাই সমষ্টিৰ বিধায়ক আমিনুল হক লষ্কৰ!

 05/31/2019 - 12:40

ডিজিটেল ডেস্কঃ বৰাকৰ ১০ নং সোণাই সমষ্টিৰ বিধায়ক আমিনুল হক লষ্কৰক মন্ত্ৰীত্ব প্ৰদান কৰা নহয় কিয়? এই প্ৰশ্ন বহুতৰে মনত উদয় হৈ আহিছে৷ সোণোৱাল মন্ত্ৰী সভাত ইছলামধৰ্মীৰ প্ৰতিনিধি নাই বাবেই চৰকাৰে সমাজৰ এটা বৃহৎ অংশক বৈষম্য কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ সকলোৱে অসমৰ সমূহ ইছলামধৰ্মীক মুছলমান মুছলমান বুলি কোৱাৰ দৰেই ২০১১ চনৰ লোকপিয়ল মতে আমাৰ ৰাজ্যখনৰ ৩৪ শতাংশ ইছলামধৰ্মীৰ সংখ্যা ওলায়৷ তাৰ মানে মুঠ ৩ কোটি ১১ লাখ জনসংখ্যাৰ ১ কোটি ৬ লাখ ইছলামধৰ্মী৷ ইয়াৰে প্ৰায় ৪৪ লাখ ইছলামধৰ্মী খিলঞ্জীয়া তথা ভূমিপুত্ৰ৷

যাৰ বাবে অসম মন্ত্ৰীসভাত আমিনুল হক লষ্কৰক স্থান নিদি অন্যায় কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ ১৯৮৬ চনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জৰিত আমিনুল হক লষ্কৰ ১৯৮৭ চনত আছুৰ বৰাক সমিতিৰ আহ্বায়ক নিৰ্বাচিত হৈছিল৷ ১৯৯৫ চনত প্ৰফুল্ল মহন্তৰ নেতৃত্বত অসম গণ পৰিষদত যোগদান কৰা লষ্কৰে ১৯৯৭ অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ সহকাৰী সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰিছিল৷ ২০০১ আৰু ২০০৬ চনত অসম গণ পৰিষদৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷

২০১১ চনত নীতিন গাডকাৰীৰ উপস্থিতিত ডিব্ৰুগড়ত বিজেপি দলত যোগদান কৰা লষ্কৰে ২০১৪ চনৰ পৰা বিজেপিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ২০১৬ চনত বৰাকৰ ১০ নং সোনাই সমষ্টিৰ বিধায়ক নিৰ্বাচিত হয়৷ মুখ্যমন্ত্ৰী সোণোৱালে মন্ত্ৰী সভা দুবাৰকৈ সম্প্ৰসাৰণ কৰিলে৷ প্ৰথমবাৰ মন্ত্ৰীসভা গঠন কৰোতে আশা কৰা হৈছিল লষ্কৰক মন্ত্ৰীত্ব দিব কিন্তু শেষত নিদিলে৷ কিন্তু দ্বিতীয় বাৰ মন্ত্ৰী সভা সম্প্ৰসাৰণ কৰোতে লষ্কৰক মন্ত্ৰীত্ব দিব বুলি ভবা হৈছিল যদিও আমিনুলৰ সমৰ্থকৰ আশাত চেঁচাপানী পৰিল৷ আমিনুল হক লষ্কৰক মন্ত্ৰীত্ব দিয়াৰ দৰকাৰ এই বাবেই যে তেওঁ দীৰ্ঘ সময় আছু তথা জাতীয়তাবাদী শিবিৰৰ সৈতে জড়িত লোক৷ যেনেদৰে মুখ্যমন্ত্ৰী সোণোৱাল আছু তথা জাতীয়তাবাদী শিবিৰত আছিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।