মঙলদৈত প্ৰাক্তন বায়ুসেনা বিষয়াক হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড

 05/31/2019 - 12:50

মঙলদৈঃ বায়ুসেনাৰ এগৰাকী প্ৰাক্তন বিষয়াক মঙলদৈৰ আদালতত যাৱজ্জীৱন কাৰাদণ্ড। খুড়াক পঞ্চানন শৰ্মাক হত্যা আৰু ভতিজাক সতীশ শৰ্মাক গুলীয়াই আহত কৰিছিল। সীমামূৰীয়া মাটিৰ এজোপা গছৰ বাবে সংঘটিত হৈছিল এই জঘন্য হত্যাকাণ্ড।

শুনি আচৰিত যেন লাগিলেও মঙলদৈৰ চেচন ন্যায়ধীশৰ পিপি বৰাৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড সহ ১৭ হাজাৰ টকাৰ জৰিমনা বিহে ৭১ বছৰীয়া বায়ুসেনাৰ প্ৰাক্তন বিষয়া টংকেশ্বৰ শৰ্মাক।

লক্ষণীয় যে ২০১১ চনৰ ১৪ অক্টোবৰৰ দিনা টংকেশ্বৰ শৰ্মাই খুড়াক পঞ্চানন শৰ্মাক নিজৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত পিস্তলেৰে মঙলদৈৰ ৰঙামাটিৰ সৰুঠেকেৰাবাৰী গাঁৱৰ নিজ ঘৰতে গুলিয়াই হত্যা কৰাৰ লগতে ভতিজাক সতীশ শৰ্মাক গুলিয়াই আহত কৰিছিল।

বিগত ৮ বছৰে আদালতৰ বিচাৰ বিবেচনাৰ অন্তত মঙলদৈ থানাৰ ৭১৩/১১ গোচৰটোৰ শুনানি লৈ আদালতে ৰায়দান কৰে আৰু অপৰাধী শৰ্মাক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।