বিশ্বকাপৰ প্ৰথম মেচত জয়ী ইংলেণ্ড,পৰাস্ত দক্ষিণ আফ্ৰিকা

 05/31/2019 - 13:28

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্রিকেটত জয়েৰে আৰম্ভ কৰিলে আয়ােজক ইংলেণ্ডে। দ্য অভেলত অনুষ্ঠিত মেচখনত ইংলেণ্ডে ১০৪ ৰানত পৰাজিত কৰে দক্ষিণ আফ্রিকাক। অনুষ্ঠিত হোৱা বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন খেলত ইংলেণ্ডৰ হাতত ১০৪ ৰাণত পৰাস্ত হয় দক্ষিণ আফ্ৰিকা।

প্ৰথমে বেটিং কৰি ইংলেণ্ডে দক্ষিণ আফ্ৰিকাৰ সন্মুখত ৩১২ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। দক্ষিণ আফ্ৰিকাই ৩৯.৫ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ২০৭ ৰাণ সংগ্ৰহ কৰিবলৈহে সক্ষম হয়।

৭৯ বলত ৮৯ ৰাণ আৰু ২ টাকৈ উইকেট দখল কৰা বাবে বেনষ্টকক মেন অৱ দ্য মেচ ঘোষণা কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।