জুলাইৰপৰা সলনি হ'ব ৰাজ্য চৰকাৰৰ কাৰ্যালয়ৰ সময়সূচী

 05/31/2019 - 15:06

ডিজিটেল ডেস্ক: আগন্তুক পহিলা জুলাইৰপৰা সলনি হ'ব ৰাজ্য চৰকাৰৰ কাৰ্যালয়ৰ সময়সূচী। সেই অনুসৰি পহিলা জুলাইৰপৰা চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰী উপস্থিত হ’ব লাগিব পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে পুৱা ৯ বজাত। একেদৰে কাৰ্যালয়ত কৰ্মচাৰীসকলে আবেলি ৫ বজাৰ পৰিৱৰ্তে কৰ্ম সম্পাদন কৰিব লাগিব আবেলি ৬ বজালৈকে।

অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলে পূৰ্বৰ ৮ ঘণ্টাৰ পৰিৱৰ্তে এতিয়া কাৰ্যালয়ত থাকিব লাগিব ৯ ঘণ্টা। কৰ্মচাৰীসকলৰ কৰ্ম সময় এক ঘণ্টা বৃদ্ধি কৰিলেও এতিয়াৰপৰা কৰ্মচাৰীসকলে সপ্তাহত দুটাকৈ দিন কাৰ্যালয় বন্ধ পাব। সেই অনুসৰি সপ্তাহৰ প্ৰতিটো শনিবাৰ আৰু দেওবাৰে কৰ্মচাৰীসকলৰ কাৰ্যালয় বন্ধ থাকিব৷

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই সন্দৰ্ভত ইতিমধ্যে সম্পূৰ্ণ কৰিছে সকলো যাৱতীয় কাম-কাজ। কেৱল মাত্ৰ সোণোৱাল চৰকাৰৰ কেবিনেট গৃহীত হ’লে ১ জুলাইৰপৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।