উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন

 05/31/2019 - 15:09

গুৱাহাটীঃ আজি সমগ্ৰ বিশ্বত ধপাত বিৰোধী দিৱস পালন কৰাৰ সমান্তৰালকৈ কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতনতো বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন কৰা হয়৷ দিৱসৰ লগত সংগতি ৰাখি আজি শুকুৰবাৰে এখন সজাগতা সভাৰ আয়োজন কৰা হয়।

এই সজাগতা সভাখনিৰ পৰিচালনা আৰু সঞ্চালন কৰে শঙ্কৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰে। লগতে সভাত আঁত ধৰে উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই৷

ৰাতিপুৱা প্ৰায় ৯ বজাৰ পৰা আৰম্ভ হোৱা সভাত নিৰ্দিষ্ট বক্তা হিচাবে ভাষণ ৰাখি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে৷তেখেতে ভাষণত কয় ''ধপাত শ্লো পইজন সময় থাকোতে সজাগ নহলে ইতি পৰে জীৱন’’৷

ছাত্ৰ-ছাত্ৰীসকলক ধঁপাতৰ অপকাৰিতাতৰ ওপৰত সুন্দৰ ব্যাখ্যা দাঙি ধৰে। সভাৰ সভাপতি তথা প্ৰধান আচাৰ্য উৎপল তালুকদাৰে ছাত্ৰ ছাত্ৰীসকলৰ লগতে আচাৰ্য-আচাৰ্য্যা সকলক ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত আগভাগ লবলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।