মানকাচৰ ভাৰত-বাংলাদেশ সীমান্তত গৰুসহ আটক চোৰাং গৰু সৰবৰাহকাৰী

 05/31/2019 - 16:35

হাটশিঙিমাৰী: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ঝালেৰচৰ সীমান্ত সুৰক্ষা বাহিনীয়ে বৃহস্পতিবাৰে নিশা দহ বজাত এটা গৰুসহ এজন চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে মানকাচৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ঝালেৰচৰ টহলদাৰী সীমান্ত সুৰক্ষা বাহিনীয়ে পহৰা দি থকা অৱস্থাত এজন চোৰাং গৰু সৰবৰাহকাৰীয়ে বাংলাদেশলৈ গৰু পাৰ কৰিবলৈ চেষ্টা কৰি থাকোঁতে হাতে লোটে আটক কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে।

জানিব পৰা মতে আটক চোৰাং গৰু সৰবৰাহকাৰীজন ভাৰত বাংলাদেশ সীমান্তস্থিত মানকাচৰ থানা এলেকাৰ ঝালেৰচৰৰ পানাতিপাৰা গাঁৱৰ বাসিন্দা আব্দুল হামিদৰ পুতেক শাজু মিঞা (২১) বুলি সীমান্ত সুৰক্ষা বাহিনীয়ে জানিবলৈ দিয়ে। ঝালেৰচৰ সীমান্ত সুৰক্ষা বাহিনীয়ে ইতিমধ্যে চোৰাং গৰু সৰবৰাহকাৰীজনক আটক কৰি মানকাচৰ আৰক্ষীৰ হাতত গতাই দিয়ে।

মন কৰিবলগীয়া যে ইমান কটকটীয়া বেষ্টনীৰ মাজতো দীৰ্ঘদিন ধৰি একাংশ চোৰাং গৰু সৰবৰাহকাৰীয়ে সীমান্ত সুৰক্ষা বাহিনীৰ চকুত ধূলি দি চোৰাং গৰু বাংলাদেশলৈ পাৰ কৰাৰ চেষ্টা চলোৱা চোৰাং গৰু সৰবৰাহকাৰীসকলক আটক কৰিবলৈ সীমান্ত সুৰক্ষা বাহিনী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী প্ৰশাসনে চোকা দৃষ্টিৰে তালাচী অভিযান অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।