হোজাই জিলাৰ চৌধুৰী বজাৰত চাৰি দুৰ্বৃত্তৰ আক্ৰমণত এজন গুৰুতৰভাৱে আহত

 05/31/2019 - 16:48

লামডিং: হোজাই জিলাৰ মোৰাঝাৰৰ চৌধুৰী বজাৰৰ চাৰিং পথাৰত সমাজসেৱক শ্বফিক উদ্দিন আহমেদক এখন (AS 02 N 1408) এল্ট বাহনেৰে আহি চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে ইটাৰে মূৰত মাৰি গুৰুতৰভাৱে আঘাত কৰি পলায়ন কৰোতে ৰাইজৰ খেদাত চৌধুৰী বজাৰ উপ-আৰক্ষী চকীত গৈ আত্মসমৰ্পন কৰে দুৰ্বৃত্তকেইজনে। দুৰ্বৃত্তকেইজন হৈছে দক্ষিণ চামৰালিৰ হাফিজ উদ্দিন, জহিৰুল ইছলাম, গিয়াছ উদ্দিন, নজমুল ইছলাম। আঘাতপ্ৰাপ্ত শ্বফিক উদ্দিনক ততাতৈয়াকৈ হোজাই হাম হস্পিটেলত ভৰ্তি কৰোৱা হৈছে যদিও তেওঁৰ অৱস্থা সংকটজনক৷

উল্লেখযোগ্য যে চাৰিবছৰমান আগতে দিন দুপৰত এইটো অঞ্চলত জীৱন্তে জ্বলাই মানুহ মৰাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। আৰু এইটো মাহৰ ১৯ তাৰিখত এই চৌধুৰী বজাৰত আব্দু স্বহিদ নামৰ মানুহজনৰ মূৰত মাৰি গৰম তেলত পেলাই প্ৰাণে মৰাৰ চেষ্টা চলাইছিল কোনো দুৰ্বৃত্তই। এই চৌধুৰী বজাৰত এটাৰ পিছত এটা জঘন্য ঘটনা সংঘটিত হৈ আছে। চৌধুৰী বজাৰ অঞ্চল অপৰাধীৰ ৰম্যভূমি হৈ পৰাৰ আঁৰত কোন জড়িত আছে সেইটো এতিয়ালৈকে জানিব পৰা হোৱা নাই।

হোজাই জিলা প্ৰসাসনে এই অঞ্চলৰ গুণ্ডা বাহিনীৰ ওপৰত কোনো পদক্ষেপ লবনে সেয়া লক্ষ্যণীয় হ'ব। চৌধুৰী বজাৰৰ ৰাইজে যি সাহস তথা তৎপৰতাৰে দুৰ্বৃত্তকেইজনক আটক কৰাত সহায় কৰিলে, সেয়া প্ৰশংসনীয়। ৰাইজ সচেতন, সাহসী তথা তৎপৰ হ'লে অপৰাধীয়ে অপৰাধ কৰিবলৈ ভয় খাব বুলি সচেতন মহল আশাবাদী।

ইফালে অপৰাধীক অতি শীঘ্ৰে বিচাৰৰ সন্মুখীন কৰি কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে সচেতন ৰাইজ তথা কেইবাটাও স্থানীয় দল সংগঠনে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।