মোডীতকৈ জনপ্ৰিয় ৰাহুল

 03/12/2019 - 12:01

ডিজিটেল ডেস্ক: সমাগত লোকসভা নিৰ্বাচনত প্ৰধানন্ত্রী পদৰ প্ৰাৰ্থী হিচাপে নৰেন্দ্ৰ মোডীতকৈ অধিক জনপ্ৰিয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী। শুনি আচৰিত যেন লাগিলেও এই তথ্য প্ৰকাশ পাইছে দেশৰ অগ্ৰণী সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডেৰ ৰাজনৈতিক ষ্টক এক্সচেঞ্জৰ সমীক্ষাত।

দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্রী হিচাপে দেশে কাক বিচাৰে,সেই সন্দৰ্ভত চলা এই সমীক্ষাত মুছলমান আৰু অনুসূচীত জাতিৰ ভোটাৰৰ মাজত ৰাহুল গান্ধীৰ জনপ্ৰিয়তাৰ তথ্য পোহৰলৈ আহিছে। প্ৰধানমন্ত্রী হোৱাৰ সপোন দেখি থকা ৰাহুল গান্ধীৰ বাবে ই এক সুখবৰ।

সমীক্ষাত প্ৰকাশ পোৱা মতে,৬১ শতাংশ মুছলমান ভোটাৰ আৰু ৮৮ শতাংশ অনুসূচীত জাতিৰ ভোটাৰৰ প্ৰথম পছন্দ হ'ল ৰাহুল গান্ধী। আনহাতে, ৪১ শতাংশ এছ চি ভোটাৰৰ পছন্দৰ প্ৰাৰ্থী হ'ল নৰেন্দ্ৰ মোডী। ইফালে ৬৭ শতাংশ অ' বি চি ভোটাৰে প্ৰধানমন্ত্রী হিচাপে বিচাৰে নৰেন্দ্ৰ মোডীক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।