নলবাৰীত ডি ভোটাৰ কাণ্ডৰ প্ৰতিবাদ আমছুৰ

 05/31/2019 - 16:56

নলবাৰী: ডি ভোটাৰ কাণ্ডৰ প্ৰতিবাদ নলবাৰীত। সীমান্ত শাখাৰ আৰক্ষীত কৰ্মৰত ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্তেইন ম: সোণাউল্লাহক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল আমছু। লগতে ৰাজ্যৰ হাজাৰ হাজাৰ নিৰীহ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ বৈধ নাগৰিকক বিদেশী ঘোষণা কৰি ডিটেনশ্বন কেম্পত বন্দী কৰি ৰখা সম্পৰ্কে প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰীত। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি চৰকাৰবিৰোধী ধ্বনিৰে উত্তাল কৰিলে নলবাৰীৰ ৰাজপথ।

আনহাতে আৰক্ষী বিষয়া সোণাউল্লাহ আৰু বৈধ ভাৰতীয় নাগৰিকসকলক বিনাচৰ্তে মুক্তিৰ দাবী জনায় আমছুয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।