লাহৰীজানত প্ৰায় চাৰি কোটি টকাৰ ড্ৰাগছসহ দুজনক আটক

 09/01/2021 - 12:31
 
 
 
বোকাজানঃ আজি পুৱা প্ৰায় ৮:৩০ বজাত লাহৰিজান আৰক্ষী পহৰা চকীৰ SI মনোজ্বল গগৈৰ নেতৃত্বত বিশেষ তালাচীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। মণিপুৰৰ পৰা অহা গুৱাহাটী অভিমুখী এখন বলেৰ' পৰা উদ্ধাৰ ৫০ টা চাবোনৰ বাকচত প্ৰায় ৬৪৬ গ্ৰাম ড্ৰাগছ। বলেৰ'খনৰ নম্বৰ MN-01S-1680আৰক্ষীয়ে বলেৰ'খনৰ ড্ৰাইভাৰ জনৰ লগতে আন এজন লোকক আটক কৰিছে
 
আটকাধীন ধৃত লোক দুজন মনিপুৰৰ নগামচাই হাওকিপ আৰু লেটখলাল বুলি জানিব পৰা গৈছে। বোকাজান মহকুমাৰ আৰক্ষী বিষয়াজন দাসৰ উপস্থিতিত উক্ত ড্ৰাগছসমূহ জব্দ কৰে লাহৰীজান আৰক্ষীয়ে। জব্দকৃত ড্ৰাগছ সমুহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মুল্য প্ৰায় চাৰি কোটি টকা বুলি জানিব পৰা গৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.