কামপুৰ নগৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত প্ৰায় তিনিমাহ ধৰি চিকিৎসক নথকাত হাহাকাৰ ৰোগীৰ

 09/01/2021 - 14:42
 
 
কামপুৰঃ ক’ভিড কালত স্বাস্থ্যখণ্ডৰ পয়ালগা অৱস্থা। নগাঁও জিলাৰ কঠিয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তুৰ্গত কামপুৰৰ নগৰীয়া স্বাস্থ্যকেন্দ্ৰত প্ৰায় তিনিমাহধৰি এজনো চিকিৎসক নথকাত ৰইজে হাহাকাৰ কৰিছে। উল্লেখ্য যে প্ৰায় ডেৰ কোটি টকা খৰচ কৰি অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ কৰা কামপুৰৰ এই নগৰীয়া কৰিছিল স্বাস্থ্যকেন্দ্ৰখন। কিন্তু কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা স্বাস্থ্যকেন্দ্ৰখনৰ পৰা ৰাইজে কি পালে? চিকিৎসালয়খন শুভাৰম্ভ কৰা কেইটামান দিনৰ পিছতেই চিকিৎসক বিহীনভাৱে চলিছে প্ৰায় আঢ়ৈ মাহ সময়।
 
উল্লেখ্য যে যোৱা মে’ মাহত চিকিৎসক শুভলক্ষ্মী শইকীয়াই কৰ্মৰ পৰা অব্যাহতি লোৱাৰ লগতে চিকিৎসালয় খনৰ আন এজন চিকিৎসকক কামপুৰ FRU লৈ লৈ যোৱাত চিকিৎসকবিহীন হৈ পৰে চিকিৎসালয়খন। কিন্তু ৰাজ্যৰ স্বাস্থ্য বিভাগে ইয়াত এজন চিকিৎসক নিয়োগ নকৰাত সমস্যাত পৰিছে ৰোগীসকল। উপায়বিহীনভাৱে এতিয়া ফাৰ্মাচিষ্ট জনেই ৰোগীক চিকিৎসা কৰাবলৈ বাধ্য হৈছে। এই সম্পৰ্কত মহকুমা স্বাস্থ্য বিষয়া ড° ৰমেন বেজবৰুৱাই জানিব দিয়া মতে নগাঁও জিলা স্বাস্থ্য বিষয়টো জনোৱা হৈছে আৰু চিকিৎসালয় খনত এজন চিকিৎসক নিয়োগ নোহোৱাত বহু সমস্যা হোৱা বুলি জানিব দিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।