09/01/2021 - 18:44
in
বাহাৰঘাটঃ নলবাৰীৰ বৰভাগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই বাইক চোৰসহ চোৰাং বাইক ক্ৰয় কৰা দুজনক। উদ্ধাৰ দুখন গ্লেমাৰ বাইক আৰু দুখন স্কুটী। চোৰ দুটা হ'ল চফিকুল ৰহমান আৰু তহিদ আলী। আনহাতে এই দুটা চোৰৰ পৰা বাইক ক্ৰয় গ্ৰেপ্তাৰ হ'ল অঞ্জন দাস আৰু হেমেন পাটোৱাৰী নামৰ দুজন যুৱক। পলাতক উৎপল শৰ্মা নামৰ আন এজন। আৰক্ষীয়ে জনোৱা মতে ভানুকুছি গাঁৱৰ হেমেন পাটোৱাৰীয়ে বাইক চোৰ চফিকুল আৰু তহিদৰ পৰা গ্লেমাৰ বাইক এখন ক্ৰয় কৰি বিক্ৰী কৰিছিল একেখন গাঁৱৰে অঞ্জন দাসক।
আনহাতে পলাতক উৎপল শৰ্মাই ধৃত চোৰ দুটাৰ পৰা ক্ৰয় কৰিছিল এখন গ্লেমাৰ বাইক। ইফালে ভানুকুছিতে স্কুটী বিক্ৰী কৰিব অহা দুই বাইক চোৰ ছফিকুল আৰু তহিদক ৰাইজে কৰে কৰায়ত্ত। তাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ কমাৰকুছি আৰক্ষীয়ে দুয়োকে উদ্ধাৰ কৰি পাগলাদিয়া নদীৰ পাৰৰ জংঘলৰ মাজত উদ্ধাৰ কৰে আন এখনি স্কুটী। উল্লেখ্য যে ধৃত হেমেন পাটোৱাৰী আৰু পলাতক উৎপল শৰ্মাই চোৰাং বাইক ক্ৰয় কৰি কম দামত বিক্ৰী কৰি আহিছিল বিভিন্নজনক।