09/02/2021 - 13:18
in
নিউজ ডেস্কঃ মহানগৰীৰ উজানবজাৰত অচিনাক্ত দুৰ্বৃত্তই মৰিয়াই হত্যা কৰে ডিম্পল কুমাবট নামৰ এগৰাকী কিশোৰীক৷ ঘৰত কোনো নথকাৰ সুযোগত প্ৰেছাৰ কুকাৰ আৰু পটাৰে মূৰত আঘাত কৰি হত্যা কৰা হৈছিল কিশোৰীগৰাকীক৷ আৰক্ষীয়ে এই হত্যাকাণ্ডৰ জোৰদাৰ তদন্ত আৰম্ভ কৰিছে আৰু হত্যাকাণ্ডৰ ক্লু পাইছে৷
জানিব পৰা মতে মৃত ডিম্পলৰ জেঠায়েকৰ পুত্ৰ আশীক গুপ্তাসহ এজন বন্ধুৰ লগতে হত্যাকাণ্ড সংঘটিত হোৱা ভাড়াঘৰৰ এগৰাকী ভাৰাতীয়াক জেৰা চলাইছে আৰক্ষীয়ে৷ ঘটনাক লৈ এতিয়াও ৰহস্য আঁতৰা নাই৷ এতিয়াও উদ্ধাৰ হোৱা নাই কিশোৰীগৰাকীৰ মোৱাইল ফোন৷ তথ্য অনুসৰি, শেষবাৰৰ বাবে ডিম্পলৰ ফোনত ১১ বজাত আহিছিল পিতৃৰ ফোন৷ আৰু সেই সময়ত ডিম্পলৰ পিতৃৰ ফোন ধৰিছিল আশীকে৷ ডিম্পল সেইসময়ত বাথৰুমত থকা বুলি কৈছিল আশীকে৷ আনহাতে আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি হত্যাকাণ্ডক ডকাইতি ৰূপ দিয়াৰো সন্দেহ আত্মীয়ৰ৷