মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিমূৰ্তি দাহ: সোনাউল্লাহক বিনাচৰ্তে মুক্তিৰ দাবী আমছুৰ

 05/31/2019 - 17:32

খাৰুপেটীয়া: ভাৰতীয় সেনাৰ প্ৰাক্তন কেপ্তেইন তথা বৰ্ত্তমানে সীমান্ত আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক পদত কৰ্মৰত মঃ সোনাউল্লাহক বিদেশী বুলি ডিটেচন কেম্পত প্ৰেৰণ কৰাত জাঙুৰ খাই উঠিছে আমছু। প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত চলা হাৰাশাস্তি বন্ধ কৰা আৰু সোনাউল্লাহক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত দৰঙ জিলা আমছুৱে দিনৰ ১১ বজাত ধুলাস্থিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে।

ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্তেইন আৰু অসম আৰক্ষীৰ সীমান্ত শাখাত কৰ্মৰত তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এজন নাগৰিকক বিদেশী বুলি ঘোষণা কৰাটো মানি লব পৰা নাই আমছুৱে। বৈধ নাগৰিকক অন্যায়ভাৱে বিদেশী ঘোষণা কৰি ডিটেনচন কেম্পত বন্দী কৰাৰ প্ৰতিবাদত কেন্দ্ৰীয় আমছুৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসৰ উপস্থিতিত দৰঙ জিলা আমছুৰ শতাধিক কৰ্মীয়ে সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, গৃহবিভাগ মূৰ্দাবাদ, সংখ্যালঘু লোকক হাৰাশাস্তি বন্ধ কৰক, সোনাউল্লাহক মুক্তি দিয়ক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।