09/02/2021 - 14:56
in
নিউজ ডেস্কঃ কামৰূপ (গ্ৰাঃ) জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত অংশ লৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এনেদৰে মন্তব্য কৰে। জিলাখনৰ উপযুক্ত এশ শতাংশ লোককেই প্ৰতিষেধক প্ৰদান সুনিশ্চিত কৰিবলৈ এই অভিযান নিৰ্বাচনী কাঠামোৰ আধাৰত গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ প্ৰতিষেধক প্ৰদান কাৰ্য ভোটকেন্দ্ৰ পৰ্যায়লৈ আনকি প্ৰয়োজনত ঘৰে ঘৰে দিয়াৰো ব্যৱস্থা কৰিব লাগিব বুলি মতপ্ৰকাশ কৰে। সভাত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, জিলা স্বাস্থ্য খণ্ডৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্ৰতীম কাঠকটীয়াকে ধৰি জিলাখনৰ প্ৰশাসনিক বিষয়াবৰ্গ আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিত থাকে।