09/02/2021 - 18:16
in
বাহাৰঘাটঃ শূণ্য সহনশীলতাৰ শ্ল’গান গোৱা বিজেপি চৰকাৰৰ ওলোটা ছবি। এইবাৰ নলবাৰীত বিজেপি কৰ্মী নামিল গোঁসাইঘৰ দুৰ্নীতিত। কাম নকৰাকৈয়ে বিজেপি কৰ্মী প্ৰভাত কলিতাই সৰকালে ধন। আঁচনিৰ ধন গো গ্ৰাসে গিলিলে বিজেপিৰ পালিনেতাই। নলবাৰীত মন্দিৰৰ সভাঘৰ নিৰ্মাণৰ নামত দুৰ্নীতিত লিপ্ত হ’ল বিজেপিৰ পালিনেতা। আৱন্টিত ধনেৰে বিজেপি কৰ্মীয়ে গৰম কৰিলে নিজৰ জেপ। বৰভাগৰ ৰণাকুছি গাঁৱৰ ঐতিহ্যমণ্ডিত এইটো বৰগোঁসাইঘৰ। গাঁওবাসীৰ অনুৰোধত গোঁসাইঘৰটোত এটি সভাঘৰ নিৰ্মাণৰ বাবে বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই আৱন্টন দিছিল চাৰি লাখ টকাৰ অনুদান। কিন্তু অনুমোদিত ধনৰ প্ৰথম কিস্তি সমুদায় আত্মসাৎ কৰিলে এইজন বিজেপি কৰ্মী তথা নিৰ্মাণ সমিতিৰ সভাপতি প্ৰভাত কলিতাই।
এই কথা আমি কোৱা নাই। চৰকাৰৰ সংশ্লিষ্ট বিভাগীয় নিৰ্দেশনাত স্পষ্ট হৈ আছে এই তথ্য। চলিত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীতে নিৰ্মাণ সমিতিৰ সভাপতি-সম্পাদকৰ নামত নৰ্থ ইষ্ট স্মল ফাইনেঞ্চৰ,বৰবৰী শাখাত থকা একাউন্ট নম্বৰ 50200000948670 আই এফ চি NESF000125 ত সোমাইছে প্ৰথম কিস্তিৰ ২ লাখ ৯৬ হাজাৰ টকা। নিৰ্দেশনা পত্ৰখনত উল্লেখ থকা মতে এই ধন আদায় হোৱাৰ তিনিমাহৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগে কাম। কিন্তু কাম সম্পূৰ্ণ হোৱাটো দূৰৰে কথা আৰম্ভই ন'হল গোঁসাইঘৰটোৰ সভাঘৰৰ নিৰ্মাণকাৰ্য্য। লক্ষণীয়ভাৱে বিজেপি কৰ্মী তথা নিৰ্মাণ সমিতিৰ সভাপতি প্ৰভাত কলিতাই নিৰ্মাণ সমিতিৰ সদস্যৰ লগতে গোঁসাইঘৰৰ মূল সমিতিক অন্ধকাৰক ৰাখি সমূদাই ধন আত্মসাৎ কৰাৰ অভিযোগ কৰিছে নিৰ্মাণ সমিতিৰ সদস্য দিলীপ ডেকাৰ লগতে গাঁওবাসীয়ে। ৰাইজে অতিশীঘ্ৰে বিভাগীয়ভাৱে বিষয় সন্দৰ্ভত তদন্ত কৰিবলৈ জনাইছে আহ্বান।