গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ অন্তৰ্গত হেজাৰী গাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাঁথা, সহায়ৰ বাবে আহ্বান

 09/03/2021 - 18:05
 
 
 
সৰুপথাৰঃ এটি উৱঁলি যোৱা ভঙা পঁজা, সপোন বহু আছিল৷ কিন্তু, সপোনবোৰ সপোন হৈয়ে থমকি ৰ'ল কৰবাত। গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ অন্তৰ্গত হেজাৰী গাঁৱৰ বিজিৎ শৰ্মা। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ৫বছৰে অচিন ৰোগত আক্রান্ত। তেওঁৰ আছে মাক, পত্নী, ৯ বছৰীয়া কন্যা আৰু ৪ বছৰীয়া এজন পুত্ৰ সন্তানো৷ এখন এপে’ চলাই পৰিয়ালটোৰ পুহপাল দিছিল বিজিৎ শৰ্মাই৷
 
বিভিন্ন ঠাইত চিকিৎসা কৰিছে যদিও কোনো ধৰণৰ ভাল ফল পোৱা নাই দুখীয়া পৰিয়ালটোৱে। আনকি, তেওঁক চিকিৎসা কৰাবলৈ এক মাত্ৰ জীৱিকা সমল হিচাপে ব্যৱহাৰ কৰা এপে’ও বিক্ৰী কৰিবলগীয়া হ’ল৷ চৰকাৰৰ দৃষ্টি নপৰা এই পৰিয়ালটোৱে আজি পৰ্যন্ত নাপালে এটা চৰকাৰী বাসগৃহ। অসহায় মাতৃ-পত্নীয়ে কান্দি কান্দি সদাশয় ৰাইজ তথা জন প্ৰতিনিধিৰ ওচৰত সহায় ভিক্ষা কৰিছে। কোনো ইচ্ছুক ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে অসম গ্ৰামীণ বিকাশ বেংকত থকা A/C No- 7214026003865, IFSC : UTBIORRBAGB বেংকৰ বৰপথাৰ শাখাৰ একাউণ্ট নম্বৰত সহায় কৰিবলৈ কাতৰ অনুৰোধ জনাইছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।